নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশোৰীক বলাৎকাৰৰ ঘটনাত অভিযুক্ত দুজনক আটক

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : পূজাৰ আনন্দ-উল্লাসৰ মাজতে গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা। ঘটনাত দলবদ্ধ বলাৎকাৰৰ বলি হয় এগৰাকী কিশোৰী। ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই পূজা চাবলৈ যোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত বিৰুবাৰী থানাত ৰুজু কৰা হয় গোচৰ। বলাৎকাৰৰ ঘটনাত অভিযুক্ত এটা কিশোৰ আৰু নয়ন বাঢ়ৈ নামৰ দুজনক আৰক্ষীয়ে আটক কৰে। সম্প্ৰতি বিৰুবাৰী থানাত আৰক্ষীয়ে জেৰা চলাই আছে দুই লম্পটক।

You might also like