নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধী ঐক্যমঞ্চত থকাসমূহ একো একোটা ক্লাব : জয়ন্ত মল্ল বৰুৱা

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : সমগ্ৰ দেশৰ সমান্তৰালকৈ ৰাজ্যতো সমাগত লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ তৎপৰতা বৃদ্ধি পাইছে। শাসনাধিষ্ঠিত বিজেপিক পৰাজিত কৰিবলৈ ৰাজ্যত এক বিৰোধী ঐক্যমঞ্চ গঠন হৈছে। আজি এই বিৰোধী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সময়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিৰোধী ঐক্যমঞ্চক কটাক্ষ কৰি কয় যে বিৰোধী ঐক্যমঞ্চত থকাসমূহ একো একোটা ক্লাব। বুথ কমিটী, আত্মসহায়ক গোটৰ বৈঠক এনেদৰে হয়। বিৰোধী ঐক্যক মই কোনো দল বুলি নাভাবোঁ। তদুপৰি তেওঁ কয়- সমাগত লোকসভা নিৰ্বাচনত ১২খন আসন আমাৰ নিশ্চিত, কেৱল দুখন আসনৰ বাবেহে বিৰোধী ঐক্যই বৈঠক পাতিছে। আমাৰ কোনো এনে বৈঠক নহয়, আমাৰ কাম-কাজ সুন্দৰকৈ চলি আছে। কোনে, ক’ত নিৰ্বাচন খেলিব সকলো ঠিক হৈ আছে, সময়ত সকলো আপোনালোকে গম পাব। তদুপৰি NCRTৰ কিতাপত ভাৰত নামটো হোৱা বাবে অত্যন্ত সুখী বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী বৰুৱাই কয় যে ভগৱান ৰামৰ জন্মভূমিত ৫০০ বছৰৰ পাছত ৰাম মন্দিৰ হ’ব, দেশবাসীৰ বাবে ইয়াতকৈ গৌৰৱৰ কথা কি হ’ব পাৰে। তদুপৰি দেশৰ নাম Indiaৰ পৰিৱৰ্তে ভাৰত সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী বৰুৱাই কয়- এতিয়া ভাৰতৰাজ চলি আছে, India শব্দটোৱে দাসত্ব বুজায়। ইংৰাজে India বুলি কৈ ভাৰত জংলী মানুহৰ দেশ বুলি বুজাব বিচাৰিছিল । ইংৰাজ বহুত চতুৰ আছিল।

You might also like