নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ‘ৰাঘৱ’ৰ শুভমুক্তি

🔹 নির্মাণ কৌশলত ‘ৰত্নাকৰ’তকৈ শ্রেষ্ঠ বুলি দাবী চিত্রপ্রেমীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ অক্টোবৰ : বহু অসমীয়া ছবি চিত্রগৃহলৈ আহে আৰু সফলতা-বিফলতাৰ বোজা লৈ চিত্রগৃহৰ পৰা বিদায় লয়৷ কিন্তু যতীন বৰাৰ নতুন অসমীয়া চলচ্চিত্র ‘ৰাঘৱ’ক লৈ অসমবাসীৰ উৎকণ্ঠাৰ অন্ত নাই৷ উৎকণ্ঠাৰ মূল কাৰণ হ’ল ‘ৰত্নাকৰ’–এ অসম্ভৱ যেন লগা ব্যৱসায়িক সাফল্যৰ সকলো সীমা অতিক্রম কৰি গৈছে৷ ‘ৰাঘৱ’–এ চিত্রপ্রেমীৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিব নে নাই, তাকে লৈ বিভিন্ন প্রশ্ণ উদয় হৈ আহিছে৷ নির্দিষ্ট সংখ্যক আমন্ত্রিত অতিথিৰ বাবে জে বি প্রডাকচনে বৃহস্পতিবাৰে অনুষ্ঠিত কৰা ‘ৰাঘৱ’ৰ বিশেষ প্রদর্শনীত ছবিখন চাই উঠি এটা কথা বিনাদ্বিধাই ক’ব পাৰি যে কাহিনী, অভিনয় আৰু অন্যান্য কাৰিকৰী দিশৰ পৰা ‘ৰত্নাকৰ’ৰ তুলনাত ‘ৰাঘৱ’–এ বহু বেছি শ্রেষ্ঠতা দাবী কৰিব পাৰে৷ কেৱল ৰত্নাকৰ কিয়, নির্মাণ কৌশলৰ ফালৰ পৰা ‘ৰাঘৱ’–এ বলীউড অথবা দক্ষিণ ভাৰতীয় ছবিৰ লগত সহজতে ফেৰ মাৰিব পাৰিব৷ সম্পূর্ণ ব্যৱসায়িক উদ্দেশ্যৰে নির্মাণ কৰা ছবি এখনৰ প্রাথমিক চর্তই হ’ল দর্শকক মনোৰঞ্জন দিয়া৷ ‘ৰত্নাকৰ’ৰ দৰে ‘ৰাঘৱ’ত এইবাৰো পৰিচালক যতীন বৰা আৰু কাহিনী তথা চিত্রনাট্যকাৰ অভিজিত ভট্টাচার্যই বিশেষ সাফল্য দাবী কৰিব পাৰে৷ পাৰিবাৰিক সুখ, দুখৰ কাহিনীৰ সতে থ্রীল আৰু চাচপেন্সৰ সানমিহলি কৰি নির্মাণ কৰা কৌশলী ছবিখনে এটা পৰিয়ালৰ ককা–আইতাৰ পৰা কিশোৰ–কিশোৰীলৈকে সকলোকে সমানে আমোদ দিব পাৰিব৷ ছবিখনৰ মূল সম্পদেই হ’ল যতীন বৰাৰ অভিনয়৷ ‘হিয়া দিয়া নিয়া’, ‘বিধাতা’ৰ পৰা ‘কন্যাদান’লৈকে যিমানবোৰ কথাছবিত যতীন বৰাই অভিনয় কৰি ছুপাৰষ্টাৰৰ আসন লাভ কৰিছে, সেই আটাইবোৰ চৰিত্রৰে আৱেগখিনিক সংমিশ্রণ কৰি নির্মাণ কৰা ‘ৰাঘৱ’ৰ চৰিত্রটোৱে নিশ্চিতভাৱে তেওঁৰ অভিনয় জীৱনৰ মাইলৰ খুঁটি হৈ থাকিব৷ অপূর্ব গতিময়তাৰে ভৰপূৰ ছবিখনৰ কেমেৰা, সম্পাদনা, সংগীত আৰু আৱহ সংগীতে ‘ৰাঘৱ’ক অনন্য মাত্রা প্রদান কৰিছে৷ বিশেষকৈ এক্সনৰ দৃশ্যসমূহ দেখিলে অনুভৱ নহয় যে অতি কম বাজেটত নির্মাণ হোৱা এখন অসমীয়া ছবিৰ এক্সন৷ জুবিন গার্গৰ সংগীত পৰিচালনা আৰু কণ্ঠসমৃদ্ধ ‘চিলমিল টোপনিতে’, ‘চাৰি চকা ঘূৰিলেহে’ আৰু ‘মা’ শীর্ষক গীত তিনিটাই দর্শকৰ হূদয় চুই যোৱাৰ লগতে ছবিখনকো এক অনন্য মাত্রা প্রদান কৰিছে৷ ‘ৰাঘৱ’ কাইলৈৰ পৰা সমগ্র অসমৰ লগতে দিল্লী, মুম্বাই, বেংগালুৰু, কলকাতা, পুনে, হায়দৰাবাদ আদিতো মুক্তি দিয়া হ’ব বুলি অভিনেতা–পৰিচালক যতীন বৰা আৰু প্রযোজিকা নৱনীতা শর্মা বৰাই জানিবলৈ দিয়ে৷ যতীন বৰাৰ উপৰি ‘ৰাঘৱ’ত অভিনয় কৰিছে মৃদুলা বৰুৱা, নিশিতা গোস্বামী, হিৰণ্য ডেকা, মন্মথ বৰুৱা, বিভূতিভূষণ হাজৰিকা, চিন্ময় কটকী, পৱিত্র বৰুৱা, বিভাস সিনহা, ৰাজীৱ ৰাজনীশ, ডাঃ জয়ন্ত দাস, ডাঃ চিন্ময় চক্রৱর্তী, মিতালী বৈশ্য, অন্তৰীক্ষ চহৰীয়া, পংকজ বৰা, অৱতোষ ভূঞা, ৰূপম চক্রৱর্তী, মানস শর্মা, দ্বিজেন লহকৰ, বংকিম শহকীয়া, জ্যোতিষ্মান কাশ্যপ, চন্দন চৌধুৰী, প্রিয়াংকু বৰুৱা, নৱাগত অভিনেতা–অভিনেত্রীদ্বয়্ জীৱিতেশ মজুমদাৰ–চুমি বৰা, শিশুশিল্পী নভম আশীষ গোস্বামী, মনীষ ভূঞা, প্রিয়াংক জ্যোতি কলিতাৰ লগতে বহু ন–পুৰণি শিল্পীয়ে৷

You might also like