নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছপি লীনা–এছআই আভালৈ সন্দেহৰ আঙুলি সুমিত্রা ৰাভাৰ

🔹 মৃত্যুত ৰহস্য আছে বাবে তদন্ত লেহেমীয়া হৈছে : জোনমণিৰ মাতৃ

🔹 ৫ মাহ পিছত ম’বাইল উদ্ধাৰক লৈও প্রশ্ন উত্থাপন

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰ : দুর্ঘটনাত পতিত হৈ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক জোনমণি ৰাভাৰ মাতৃয়ে পুনৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ প্রয়াত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআয়ে অব্যাহত ৰখাৰ সময়তে তেওঁৰ মাতৃ সুমিত্রা ৰাভাই নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক (এছ পি) লীনা দলে আৰু উপ–পৰিদর্শক (এছ আই) আভাজ্যোতি ৰাভালৈ সন্দেহৰ আঙুলি টোঁৱাইছে৷ মহানগৰীৰ দক্ষিণগাঁওস্থিত বাসগৃহত এখন সংবাদ মেলত জোনমণি ৰাভাৰ মাতৃ সুমিত্রা ৰাভাই এইদৰে কয়– ‘দুর্ঘটনাৰ নিশা মই যেতিয়া ফোন কৰিছোঁ, জোনমণিয়ে মোক কৈছিল যে আভাজ্যোতি ৰাভাৰ সৈতে এফালে ওলাই গৈছে৷ পুনৰ ১৫ মিনিটমান পিছত মই ফোন কৰিছোঁ৷ তেতিয়া ফোনৰ ছুইচ অফ পালো৷ তাৰ পিছত পুনৰ ১৫ মিনিট পিছত ফোন কৰোঁতে কেইবাবাৰো ৰিং হৈছে৷ তেতিয়া ফোন কোনেও গ্রহণ নকৰিলে৷ আভাজ্যোতি ৰাভাক শাস্তি দিয়ক৷ আভাজ্যোতি ৰাভাক শাস্তি দিলে নিজে নিজে সকলো কথা ওলাই পৰিব৷ দোষীক কিয় শাস্তি দিব নোৱাৰে? লীনা দলেই মাতি নি জোনমণিক কি ক’লে? আভাজ্যোতি ৰাভাই জোনমণিক ক’লৈ মাতি লৈ গ’ল? –এই দুটা কথাৰ সন্ধান উলিয়াব পাৰিলেই সকলো কথা ওলাই পৰিব৷ সকলো আৰক্ষী বিষয়া বেয়া নহয়৷ কিন্তু জোনমণিয়ে নকল সোণ আৰু নকল টকা ধৰাৰ বাবেই তেওঁলোকৰ ক’লা বেহাৰে অহা পইচাৰ বাট বন্ধ হ’ব বুলি ভাবিয়েই মোৰ ছোৱালীজনীক মাৰি পেলালে৷ মই ফোন কৰোঁতে মোৰ ছোৱালীয়ে আভাজ্যোতি ৰাভাৰ লগত থকা বুলি ক’লে৷ আৰক্ষী অধীক্ষকে মোৰ ছোৱালীজনীক মাতি লৈ গ’ল৷ কিন্তু তেওঁলোকৰ কোনো শাস্তি নহ’ল৷ যাৰ বাবে কথাবোৰ বাহিৰলৈ ওলোৱা নাই৷ এতিয়ালৈ চোৰ ধৰা পৰা নাই৷ তদন্ত ভালদৰে হোৱা নাই৷’ ইফালে, ঘটনাৰ প্রায় চাৰি মাহ পিছত দুর্ঘটনাগ্রস্ত বাহনখনৰ পৰা জোনমণি ৰাভাৰ ম’বাইল উদ্ধাৰক লৈও মাতৃ সুমিত্রা ৰাভাই প্রশ্ণ উত্থাপন কৰে৷ এই প্রসংগতে তেওঁ কয় যে আৰক্ষী প্রশাসনে ভালদৰে তদন্ত নকৰিলে৷ পৰৱর্তী সময়ত চিআইডিয়ে তদন্ত কৰিলে আৰু তেতিয়া তেওঁলোকে গাড়ীখনত ম’বাইল ফোনটো পাব লাগিছিল৷ চি বি আয়ে তদন্ত আৰম্ভ কৰিলে৷ তেওঁলোকেও ম’বাইল ফোনটো নাপালে৷ পাঁচ মাহ উকলি যোৱাৰ পিছত ম’বাইল ফোনটো কিদৰে উদ্ধাৰ হ’ল? এতিয়াও জোনমণিৰ সামগ্রী লাভ কৰিবলৈ বাকী আছে৷ জোনমণিৰ পার্ছটো আজিও উদ্ধাৰ হোৱা নাই৷ জোনমণিৰ পার্ছত সকলো নথি–পত্র আছে৷ এটিএম, ড্রাইভিং লাইচেন্স সকলো নথি–পত্র জোনমণিৰ মানি পার্ছতে আছিল৷ সংবাদ মেলত আৱেগিক হৈ কান্দোনত ভাগি পৰা সুমিত্রা ৰাভাই কয় যে মোৰ বাবে ল’ৰা–ছোৱালী দুটাই সকলো আছিল৷ সেই দুই সন্তানো হেৰাই গ’ল৷ জীয়াই থাকিব নে নাথাকিব, কি কৰিব, কি নকৰিব এই চিন্তাবোৰে তেওঁক অনবৰতে খুলি খুলি খায় বুলি উল্লেখ কৰি সুমিত্রা ৰাভাই কয়– ‘জোনমণিৰ মৃত্যুত নিশ্চয় কিবা ৰহস্য আছে৷ সেইবাবে তদন্ত লেহেম হৈছে৷ চিবিআই তদন্তত মই আশা কৰি আছোঁ৷ অসমৰ ৰাইজেও চিবিআই তদন্ত কিদৰে সম্পূর্ণ হয়, তালৈ বাট চাই আছে৷ ভাল ফলাফল পাম বুলি মই আশাবাদী৷ ছোৱালীজনীৰ কেনেকৈ মৃত্যু হ’ল, কেনেকৈ কি হ’ল, আৰক্ষী প্রশাসনৰ পৰা চিআইডিলৈকে আৰু এতিয়া চিবিআইৰ পৰা কোনো তথ্য পোৱা নাই৷ সত্য বিচাৰ পাম নে নাপাম, তাক লৈ মোৰ মনত ভয় হৈছে৷ অসমৰ ৰাইজে সত্য বিচাৰ পাব নে নাপায়৷ মোৰ কথা বাদেই দিলোঁ, অসমৰ ৰাইজে সত্য বিচাৰ ভাল পাব৷ সেইটোৱেই মই মনে–প্রাণে আশা কৰি আছোঁ৷ জীয়াই থাকি যিমান অশান্তি পাইছোঁ, মৰি গ’লেই মই শান্তি পাম৷ আজি মই অকলশৰীয়া৷ ল’ৰাটো বেমাৰী আছিল৷ অন্ততঃ ছোৱালীজনী জীয়াই থাকিলে মোক চালেহেঁতেন৷ ল’ৰাও হেৰুৱালোঁ, মই ছোৱালীও হেৰুৱালোঁ, কাক লৈ মই জীয়াই থাকিম?’

You might also like