নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰমাণৱিক আক্রমণৰ আখৰা চলালে ৰাছিয়াই

🔹 আন্তর্জাতিক চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰৰ পিছতে তৎপৰতা

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : ইউক্রেইন যুদ্ধৰ মাজতে পাশ্চাত্যৰ দেশসমূহে আশংকা কৰি আহিছে যে ৰাছিয়াই যিকোনো মুহূর্ততে পৰমাণু আক্রমণ চলাব পাৰে৷ এই আশংকাক পুনৰ সজীৱ কৰি তুলিলে পুটিন বাহিনীয়ে৷ কালি ক্রেমলিন প্রশাসনৰ পৰা ঘোষণা কৰা অনুসৰি, পৰমাণু আক্রমণৰ সক্ষমতা কিমান, তাৰ প্রমাণ চাবলৈ ৰাছিয়াই এক আখৰা আৰম্ভ কৰিছে৷ দেশখনৰ প্রতিৰক্ষা মন্ত্রী ছের্গেই ছৈগুৱে উল্লেখ কৰা অনুসৰি শত্রুৰ পৰমাণু আক্রমণৰ প্রতিৰোধ তথা প্রত্যাক্রমণৰ অনুশীলন চলোৱা হৈছে৷ চৰকাৰী টেলিভিছনত এই অনুশীলনৰ দৃশ্য সম্প্রচাৰ কৰিছে ৰাছিয়াই৷ উল্লেখনীয় যে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে পূর্বেই পৰমাণু বাহিনীক সষ্টম হৈ থাকিবলৈ নির্দেশ দিছিল৷ মাত্র কেইদিনমান পূর্বে ৰাছিয়াৰ সংসদে সকলোধৰণৰ পৰমাণু অস্ত্রৰ পৰীক্ষা নিষিদ্ধৰ এক আন্তর্জাতিক চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছিল৷ ইয়াৰ পিছতে পৰমাণু যুদ্ধৰ অনুশীলনে তাৎপর্য কঢ়িয়াইছে৷ অৱশ্যে তাৎক্ষণিকভাৱে পাশ্চাত্যৰ দেশসমূহে এইক্ষেত্রত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like