নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত ১১টা গৰুসহ গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত লাম্পীত শুকুৰবাৰে পুৱতি নিশা ১১টা চোৰাং গৰু জব্দ কৰে লাম্পী আৰক্ষীয়ে। লাম্পী আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত পুৱতি নিশা টহলদাৰী দল এটাই জব্দ কৰে চোৰাং গো-ধন। মেঘালয়লৈ লৈ গৈ থাকোঁতে জব্দ কৰে গো-ধন। এই গো-ধন সৰবৰাহৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোক দুজন জয়নেগ চামাখা আৰু বিজয় ৰাইনা বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুয়োজন গো-সৰবৰাহকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

প্ৰেৰক  প্ৰীতম বায়ন

You might also like