বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ অখিল গগৈয়ে কিছুদিন পূৰ্বে এখন সাংগঠনিক সভা কৰিছিল তাত মাত্ৰ ৩৮জন লোক উপস্থিত আছিল। এইদৰেই কটাক্ষ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী বৰুৱাই কয় যে মাত্ৰ ৩৮জন লোকৰ সভা দেখি অখিল গগৈ যথেষ্ট হতাশাত আছে। তেওঁৰ মিটিঙত ৩৮জন মানুহ দেখাৰ পাছত তেওঁ নিজেই হতাশ হৈছে। সেয়ে উপায়ান্ত হৈ তেওঁ Superim Sacrificeৰ কথা কৈছে। মন্ত্ৰী বৰুৱাই কয় যে কিছুদিন পূৰ্বে মন্ত্ৰী পীয়ুষ হাজৰীকাক দক্ষ মন্ত্ৰী বুলি কৈছিল, কিন্তু আজি আকৌ পীয়ুষ হাজৰীকাই কোম্পানী চলাই আছে বুলি কৈছে। মন্ত্ৰী বৰুৱাৰ মন্তব্য- অখিল গগৈৰ নিজৰ কথাৰে স্থিতি স্পষ্ট নহয়। ইফালে শিৱসাগৰত অনুষ্ঠিত এক সভাৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰী বৰুৱাই। তেওঁ কয়, শিৱসাগৰত অনুষ্ঠিত পৰ্যটন বিভাগৰ অনুষ্ঠানলৈ অখিল গগৈক এজন বিষয়াই ফোন কৰি মাতিছিল। তেওঁ এজন বিধায়ক হয়, তেওঁ মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ নিমন্ত্ৰণ আশা কৰি থকাটো কেনেধৰণৰ কথা। আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সন্দৰ্ভতো মত প্ৰকাশ কৰে মন্ত্ৰী বৰুৱাই। তেওঁ কয়, লুৰিণজ্যোতি গগৈয়ে কিমান অংক জানে সেয়া মই নাজানো, কিন্তু বিগত সময়ছোৱাত ২টা সমষ্টিৰ পৰা নিৰ্বাচন খেলি তেওঁ হাৰিছে সেইটোহে জানো। ইফালে বিৰোধী ঐক্য সন্দৰ্ভত মন্ত্ৰী বৰুৱাৰ মত- কোনো আদৰ্শ নথকা কেইটামান দল মিলি বিৰোধী ঐক্য অসম হৈছে। তেওঁলোকৰ একো লক্ষ্য উদ্দেশ্য নাই। অখিল গগৈয়ে অকল নিজকে চিনি পায়, নিজৰ বাহিৰে বাকী কাকো চিনি নাপায়। তেওঁ লগতে কয়, ২০২৪ত চাৰে এঘাৰটা সমষ্টিত বিজেপি জিকি আছে, বাকী আঢ়ৈটা সমষ্টিৰ বাবেহে কাম কৰিবলগীয়া আছে।
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেক্স
Next Post
You might also like