নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত পূজাত সুৰা বিক্ৰীৰ অভিলেখ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ দুৰ্গা পূজাৰ মাথো তিনিটা দিনত ধুবুৰীকে ধৰি জিলাখনত বিলাতী সুৰাকে ধৰি বিয়েৰৰ সুৰা বিক্ৰীৰ ৰাজহ ৰূপে চৰকাৰে সংগ্ৰহ কৰিছে ১ কোটি টকাৰো অধিক ৰাজহ। ধুবুৰী স্থানীয় আৱকাৰী বিভাগৰ সূত্ৰে জানিব পৰা গৈছে এই তথ্য। জানিব পৰা মতে, দুৰ্গা পূজাৰ মাথো এই তিনিটা দিনত ধুবুৰী আৱকাৰী বিভাগে সুৰা আৰু বিয়েৰ বিক্ৰীৰ ৰাজহ ৰূপে সংগ্ৰহ কৰিছে ১ কোটি ১৯ লাখ ২৩ হাজাৰ ৩৭৫ টকা। ধুবুৰী চহৰৰ স্থানীয় একাংশ বিলাতী সুৰাৰ দোকানে সেই তিনিটা দিনত দৈনিক ডেৰৰ পৰা তিনি লাখ টকালৈকে বিলাতী সুৰা বিক্ৰী কৰা বুলি প্ৰকাশ। উল্লেখ্য যে দুৰ্গা প্ৰতিমা বিসৰ্জনৰ দশমীৰ দিনটোত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত “ড্ৰাই ডে” ঘোষণা কৰিছিল ধুবুৰী জিলা প্ৰশাসনে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like