নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় জীত কুন ড’ চেম্পিয়নশ্বিপত বৈশালীৰ স্বৰ্ণ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : জম্মু কাশ্মীৰ জীত কুন ড’ সন্থাৰ উদ্যোগত আৰু এফ এছ এল ডি ফাইটাৰ্ছ ক্লাব, জম্মু কাশ্মীৰৰ সহযোগত শ্ৰীনগৰৰ শ্বেৰ-ঈ-কাশ্মীৰ ইনডোৰ ষ্টেডিয়ামত অলপতে অনুষ্ঠিত হোৱা অষ্টম ৰাষ্ট্ৰীয় জীত কুন ড’ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি মৰিয়নিৰ বৈশালী বুঢ়াগোঁ‌হায়ে স্বৰ্ণ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । জীত কুন ড’ মাৰ্চিয়েল আৰ্টছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপখনত বৈশালীয়ে ফুল কন্টেক্ট ফাইটৰ ৬৫-৭০ কেজি শাখাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হয় । মৰিয়নিৰ কৰ্ণ বুঢ়াগোহাঁই আৰু দীপা বুঢ়াগোহাঁইৰ কন্যা বৈশালীয়ে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । বৈশালীৰ সাফল্যই মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like