নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডি ভোটাৰ-ডিটেনচন কেম্প- সকলো কংগ্ৰেছে দিছে : বদৰুদ্দিন আজমল

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : “আজি ৭৫ বছৰৰ ভিতৰত কংগ্ৰেছে কিমান দিন ৰাজত্ব কৰিছে? মাথোঁ দুটা কাৰ্যকাল মহন্ত চাহাবে কৰিছে; এটা কাৰ্যকালৰ আধা শৰৎ সিংহ চাহাবে কৰিছে, বাকী সকলো সময় কংগ্ৰেছে কৰিছে। কংগ্ৰেছে ইমান দিন ৰাজত্ব কৰিছে- ৯০ শতাংশ ভোট আমাৰ মানুহৰ লৈ কৰিছে। আমাৰ মানুহসকলক কি দিছে? ডি ভোটাৰ দিছে, এনআৰচি দিছে, ডিটেনচন কেম্প দিছে- এই সকলো কংগ্ৰেছে দিছে। মাটিৰ পট্টা দিছে নেকি আজিলৈ? বানপানী-গৰাখহনীয়া ৰোধৰ কিবা ব্যৱস্থা কৰিছে নেকি আজিলৈকে? কৰা নাই।”- এই ভাষ্য ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীৰ নিউ মাৰ্কেটৰ বাসগৃহত এখন সংবাদ মেল সম্বোধন কৰি এআইইউডিএফ দলৰ চুপ্ৰিমো আজমলে কংগ্ৰেছ দলক আক্ৰমণ কৰি আৰু কয়- “কোনো বিশ্ববিদ্যালয় কংগ্ৰেছৰ ৰাজত্বকালত হৈছে নেকি? কংগ্ৰেছে নিৰ্মাণ কৰিছে নেকি? মেডিকেল কলেজ কিমান হৈছে? দিয়া নাই। আমাৰ মহাবিদ্যালয় কেইখন দিছে? বিদ্যালয় কেইখন নিৰ্মাণ কৰিছে? যি বিদ্যালয়কেইখন তেওঁলোকে নিৰ্মাণ কৰিছিল, বিদ্যালয় থাকিলে দুৱাৰ নাই, দুৱাৰ থাকিলে তৰ্জা নাই, তৰ্জা থাকিলে শিক্ষক নাই। এনেকৈ চলাইছিল। বনভূমি টুকুৰা টুকুৰা কৰি বিক্ৰী কৰি দিছে।” আনহাতে, বিৰোধী ঐক্যজোঁট ‘INDIA’ৰ সৈতে চামিল হোৱাৰ এতিয়াও আশা পালি থকাৰ বিষয়টো উন্মোচিত কৰি তেওঁ কয়- “সৰ্বভাৰতত ‘INDIA’ৰ সৈতে আমি আছোঁ – যিয়েই যি কওক-নকওক কিয়।” আগন্তুক লোকসভা নিৰ্বাচনত ‘INDIA’ গোট জিকিব লাগে বুলি মন্তব্য কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰে। আজিৰ সেই সংবাদ মেলখনত আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত তেওঁ অনায়াসে বিজয়ী হ’ব বুলি দাবী কৰাৰ সমান্তৰালকৈ নগাঁও আৰু কৰিমগঞ্জ লোকসভা সমষ্টিতো তেওঁলোক বিজয়ী হ’ব বুলিও কয় সাংসদগৰাকীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like