নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রকৃত বগা হাতী কংগ্রেছ

🔹 তেলেংগানাৰ মন্ত্রী কে টি ৰামাৰাওৰ সমালোচনা

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : তেলেংগানা বিধানসভা নির্বাচনক লৈ প্রচাৰ অভিযান তুংগত উঠিছে৷ শাসকীয় ভাৰত ৰাষ্ট্র সমিতি (বিআৰএছ)ৰ নেতা তথা তেলেংগানাৰ মন্ত্রী কে টি ৰামাৰাৱে আজি কংগ্রেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নির্বাচন উপলক্ষে আয়োজিত এখন সভাত মন্ত্রী কে টি ৰামাৰাৱে কংগ্রেছক বগা হাতীৰ লগত তুলনা কৰে ৷ সমাৱেশ সম্বোধন কৰি মন্ত্রী কে টি আৰে কয়- মই ভাবোঁ যে দেশৰ প্রকৃত বগা হাতী কংগ্রেছ দল৷ কাৰণ দলটোৱে ভাবে- জনতাসকলে দীর্ঘদিন ধৰি বহন কৰিবলৈ জন্ম পাইছে৷ কংগ্রেছৰ অপশাসনত জনতাই দহিছে আৰু সেইবাবে কংগ্রেছকো জনতাই দহন কৰিছে৷ স্বাধীনতাৰ পিছত ১৯৪৮ চনত মহাত্মা গান্ধীয়ে এবাৰ কৈছিল যে কংগ্রেছক ভংগ কৰা উচিত৷ দলটো এতিয়াও আছে৷ যিটো দেশৰ বাবে দুর্ভাগ্যজনক৷

You might also like