নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰা খালী বটল- ধুবুৰীত আজমলৰ কটাক্ষ

🔹 পলিটিক্স শিকাৰ চেষ্টা কৰক প্রদেশ কংগ্রেছৰ সভাপতিয়ে

🔹 লোকসভা নির্বাচনৰ প্রাকক্ষণত কংগ্রেছ–এআইইউডিএফৰ সংঘাত তুংগত

বিশেষ বাৰ্তা, নিয়মীয়া বার্তা, ধুবুৰী, ২৮ অক্টোবৰ : লোকসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্রমাৎ যেন অকলশৰীয়া অনুভৱ কৰিছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ ৰাষ্ট্রীয় প্ৰেক্ষাপটত বিৰোধী ঐক্যমঞ্চৰ পৰা বিতাড়িত হোৱা আজমলে আগন্তুক লোকসভা নির্বাচনত কি ধৰণে আগবাঢ়িব, তাক লৈ একপ্রকাৰ বিবুধিত পৰাৰ সময়তে কংগ্রেছৰ নেত্বত্বত গঠন হোৱা ১৫ দলীয় মর্চাই আৰম্ভ কৰা কুচকাৱাজেও যথেষ্ট চিন্তাত পেলাইছে আজমলক৷ যাৰ বাবে শেহতীয়াকৈ সৰৱ হৈ পৰিছে কংগ্রেছৰ বিৰুদ্ধে৷ বিশেষকৈ এআইইউডিএফৰ মিত্রতাৰ প্রস্তাৱ কংগ্রেছে বাৰম্বাৰ অগ্রাহ্য কৰাৰ সমান্তৰালভাৱে বদৰুদ্দিন আজমলৰ সমালোচনাত সৰৱ হৈ থকাৰ পিছত এইবাৰ কংগ্রেছক লক্ষ্য কৰি ল’লে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ কংগ্রেছ আৰু বিজেপি এটা মুদ্রাৰ ইপিঠি–সিপিঠি বুলি কটাক্ষ কৰি আজমলৰ মন্তব্য– ভূপেন বৰা এটা খালী বটলৰ দৰে৷ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে পলিটিক্স শিকাৰ চেষ্টা কৰক৷ উল্লেখ্য যে ধুবুৰী সমষ্টিত এইবাৰ নির্বাচনত আজমলক প্রত্যাহ্বান জনাই কংগ্রেছে শক্তিশালী প্রার্থী প্রক্ষেপৰ প্রস্তুতি সম্পূর্ণ কৰিছে৷ আনকি ধুবুৰী সমষ্টি এইবাৰ কংগ্রেছৰ দখলত থাকিব বুলি দাবী কৰি অহাৰ সময়তে কালি সন্ধিয়া ধুবুৰীত নির্বাচনকেন্দ্রিক ৰণশিঙা বজালে বদৰুদ্দিন আজমলে৷ বিলাসীপাৰা পশ্চিম বিধানসভাৰ সমষ্টিৰ তুষপাৰা গাঁও পঞ্চায়তৰ শৌলমাৰীত এক বিশাল জনসভা সম্বোধন কৰি প্রদেশ কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে আজমল৷ বিজেপিৰ নির্দেশত প্রদেশ কংগ্রেছ চলা বুলি অভিযোগ কৰি আজমলে কালি কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশতে কংগ্রেছে এআইইউডিএফৰ সৈতে মিত্রতা কৰা নাই৷ মুখ্যমন্ত্রী ড০ শর্মাই চাৰে এঘাৰখন আসন লাভ কৰিব বুলি যি দাবী কৰি আহিছে, সেয়া সত্য হ’ব৷ কিয়নো কংগ্রেছক এআইইউডিএফৰ সৈতে মিত্রতা নকৰিবলৈ বিজেপিয়ে পৰামর্শ দিছে আৰু সেই পৰামর্শ আখৰে আখৰে পালন কৰিছে কংগ্রেছে৷ দৰাচলতে মুখ্যমন্ত্রীৰ জেপত আছে কংগ্রেছ৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সেয়েহে পলিটিক্স শিকাৰ প্রয়োজন আছে৷ দৰকাৰ হ’লে মই তেওঁক টিউচন দিম৷ উল্লেখ্য যে এআইইউডিএফক উৎখাত কৰাৰ সংকল্পৰে প্রদেশ কংগ্রেছে সংখ্যালঘু অধ্যুষিত সমষ্টিত আয়োজন কৰিছে বিশেষ বৈঠক৷ সংখ্যালঘু বিধায়কসকলক লগত লৈ দেওবাৰে দলগাঁৱত প্রথমখন বৈঠক অনুষ্ঠিত কৰিব প্রদেশ কংগ্রেছে৷ জ্যেষ্ঠ নেতা জিতেন্দ্র সিং আৰু সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত এআইইউডিএফৰ বিৰুদ্ধে কি ধৰণৰ ৰণকৌশল প্রস্তুত কৰিব পৰা যায়, তাক লৈ হ’ব আলোচনা৷ প্রদেশ কংগ্রেছৰ এনে প্রস্তুতিক লৈয়ে ক্ষুব্ধ হৈ পৰিছে বদৰুদ্দিন আজমল৷ কংগ্রেছক সমালোচনা কৰি আজমলৰ মন্তব্য– মই জীৱিত থকালৈকে ধুবুৰীত কংগ্রেছ জয় হ’ব নোৱাৰে৷ তৃণমূল কর্মী আৰু সমর্থকক উদ্দেশ্যি অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি সংখ্যালঘু ৰাইজৰ বাবে কংগ্রেছে যে একো নকৰিলে তাক আঙুলিয়াই দিয়ে আজমলে৷ তেওঁ কয়– ৯০ শতাংশ ভোট আমাৰ মানুহৰ পৰা লাভ কৰিছে কংগ্রেছে৷ কিন্তু সাধাৰণ ৰাইজক কি দিছে? কংগ্রেছে কেৱল সংখ্যালঘু ৰাইজক দিছে– ডি ভোটাৰ, এনআৰচি, ডিটেনচন কেম্প৷ কিন্তু মাটিৰ পট্টাৰ ক্ষেত্রত কংগ্রেছে তেওঁলোকৰ শাসনকালত মূৰ পোলোকা মাৰি থাকিলে৷ সভাৰ পিছতে আজি ধুবুৰীৰ নিউ মার্কেটৰ বাসগৃহত এক সংবাদ মেল সম্বোধন কৰি আজমলে পুনৰবাৰ সৰৱ হৈ পৰে কংগ্রেছৰ বিৰুদ্ধে৷ আজমলৰ অভিযোগ– ৰাজ্যত কংগ্রেছৰ কার্যকালত সংখ্যালঘু এলেকাত এখনো বিশ্ববিদ্যালয় স্থাপন নহ’ল৷ চিকিৎসা মহাবিদ্যালয়ো স্থাপন নহ’ল৷ কংগ্রেছে কেইখন বিদ্যালয় নির্মাণ কৰিলে? যিসমূহ বিদ্যালয় নির্মাণ কৰিলে, তাৰ হয় দুৱাৰ নাই, খিৰিকী নাই, দুৱাৰ থাকিলে বেৰ নাই, স্কুল গৃহ থাকিলে শিক্ষক নাই, এনেদৰে কংগ্রেছে সংখ্যালঘু অঞ্চলত বিদ্যালয় নির্মাণ কৰিলে৷ ইফালে, ৰাষ্ট্রীয় পর্যায়ত গঠন হোৱা বিৰোধী ঐক্যমঞ্চ ‘INDIA’ত এআইইউডিএফৰ চামিল নোহোৱা বিষয়টো সন্দর্ভত আজমলে কয়– বেলেগে যিয়ে নকওক কিয়, আমি ‘INDIA’ৰ সৈতে আছোঁ৷ আগন্তুক লোকসভা নির্বাচনত ‘INDIA’ গোটক জয়যুক্ত কৰিব লাগে৷ সেই লক্ষ্যৰে আমি অসমতো কংগ্রেছৰ সৈতে একেলগে নির্বাচনত প্রতিনিধিত্ব কৰাৰ প্রস্তাৱ দিছিলোঁ৷ কিন্তু তেওঁলোকে ইয়াক বুজি নাপালে৷ সংবাদ মেলত আজমলে আগন্তুক নির্বাচনত ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ সমষ্টিত এআইইউডিএফৰ প্রার্থী অনায়াসে জয়যুক্ত হ’ব বুলি ঘোষণা কৰে৷ এআইইউডিএফৰ সভাপতিগৰাকীৰ মন্তব্য– কংগ্রেছে ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁৱত অযথা কষ্ট কৰি লাভ নাই৷ এই তিনিওখন আসন এআইইউডিএফৰ হাতত আছে৷ এই তিনিখন আসন লৈ আমি দিল্লীত ‘INDIA’ত সহযোগ কৰিম৷ অহা নির্বাচনত কংগ্রেছৰ ডাব্বা খালী ওলাব, যাক দেখি ভূপেন বৰা বেহুচ হ’ব৷ আজমলে আজি অসম জাতীয় পৰিষদ আৰু দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈকো সমালোচনা কৰে৷

You might also like