নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ২৪ ঘণ্টাত দুটাকৈ মৃতদেহ উদ্ধাৰ

🔹 উজানবজাৰত অটোৰিক্সাত উদ্ধাৰ ড্রাগছ আসক্তৰ মৃতদেহ

🔹 বলাৎকাৰ কৰি কিন্নৰক হত্যা দুর্বৃত্তৰ : চানমাৰিত পৰিত্যক্ত নলাত বস্তাত থকা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : গুৱাহাটী মহানগৰীত সঘনাই মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহানগৰীত ২৪ ঘণ্টাত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাত তীব্র চাঞ্চল্য বিৰাজ কৰিছে৷ মহানগৰীৰ উজানবজাৰত আজি পুৱা অটোৰিক্সাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়৷ উজানবজাৰৰ কর্ণেল শিৱৰাম বৰা পথত অটোৰিক্সাত উদ্ধাৰ হোৱা যুৱকজন হৈছে খাৰঘুলিৰ ৰূপম দাস (৩০) ৷ উল্লেখ্য যে ড্রাগছ আসক্ত যুৱকজনক পৰিয়ালৰ লোকে গুৱাহাটীৰ এটা নিচামুক্তি কেন্দ্রত ভর্তি কৰাইছিল৷ দুর্গাপূজাৰ সময়ছোৱাত যুৱকজনক পৰিয়ালৰ লোকে নিচামুক্তি কেন্দ্রৰ পৰা ঘৰলৈ লৈ আহে যদিও কালি সন্ধিয়া যুৱকজন উজানবজাৰৰ বাসগৃহৰ পৰা ওলাই গৈছিল৷ ওৰে নিশা ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে আত্মীয়ৰ ঘৰত বিচাৰ–খোঁচাৰ কৰে যদিও যুৱকজনৰ সন্ধান পোৱা নাছিল৷ আজি পুৱাৰ ভাগত উজানবজাৰৰ কর্ণেল শিৱৰাম বৰা পথত এখন অটোৰিক্সাত স্থানীয় লোকে যুৱকজনৰ মৃতদেহ প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত লতাশিল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷ অৱশ্যে প্রাথমিক তদন্তত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা অটোৰিক্সাখনৰ সমীপৰ পৰা এটা ছিৰিঞ্জ উদ্ধাৰ কৰাত যুৱকজনে ড্রাগছ সেৱনৰ ফলত অকাল মৃত্যুক আঁকোৱালি লোৱা বুলি সন্দেহ কৰিছে৷ ইপিনে, যুৱকজনক দুর্বৃত্তই হত্যা কৰা বুলি পৰিয়ালৰ লোকে দাবী কৰি আৰক্ষীক বিষয়টোৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ আহ্বান জনাইছে৷ আনহাতে, মহানগৰীৰ চানমাৰিত আজি পৰিত্যক্ত নলাত বস্তাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত কিন্নৰৰ ৰক্তাক্ত মৃতদেহ এটা উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ আজি পুৱা চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ সমীপৰ নলাত মৃতদেহটো প্রত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰাত আৰক্ষী আৰু চিআইডিৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ প্রাথমিক তদন্তত কিন্নৰগৰাকীক দুর্বৃত্তই ধর্ষণ কৰি হত্যা কৰাৰ পাছত বস্তাত ভৰাই মৃতদেহটো আন্ধাৰৰ সুযোগ লৈ নিশা দুর্বৃত্তই নলাত পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে পৰিত্যক্ত নলাত উদ্ধাৰ হোৱা মৃতদেহটোৰ ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু দুর্বৃত্তই চোকা অস্ত্রৰে হানি-খুঁচি কিন্নৰগৰাকীক হত্যা কৰিছে বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পাছত এই সন্দর্ভত আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি চানমাৰি আৰক্ষীৰ এক সূত্রই সদৰী কৰে৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে মৃত কিন্নৰগৰাকীৰ পৰিচয় আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই৷

You might also like