নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধাতে অস্ত্ৰোপচাৰ সামৰি ৰোগীক এৰি পলাল চিকিৎসক

🔹 বৰপেটাৰোড চহৰৰ বীণাপাণি নাৰ্ছিং হোমত আজব কাণ্ড

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : বৰপেটাৰোড চহৰৰ বীণাপাণি নাৰ্ছিং হোমত এক আজব কাণ্ড সংঘটিত হৈছে। অস্ত্ৰোপচাৰ কক্ষত আধাতে অস্ত্ৰোপচাৰ সামৰি মহিলা ৰোগীক এৰি এগৰাকী চিকিৎসকে পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহিলা ৰোগীগৰাকী বৰপেটাৰোড চহৰৰ সাতভনী টুপৰ জনৈক আহমেদ ৷ আনহাতে, আধাতে অস্ত্ৰোপচাৰ সামৰি ৰোগীক এৰি পলায়ন কৰা চিকিৎসকগৰাকীৰ নাম ডাঃ আবুলেইছ মোস্তাক আহমেদ ৷ উল্লেখ্য যে ৬০ বছৰীয়া মহিলাগৰাকীক গলব্লাডাৰ অপাৰেচনৰ বাবে বীণাপাণি নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হৈছিল ৷ লেপাৰ’স্কোপিক পদ্ধতিৰে কৰিবলগীয়া অপাৰেচনটোৰ বাবে দুটাকৈ ফুটাও কৰে মহিলাগৰাকীৰ শৰীৰত৷ পিছত আধাতে অপাৰেচন সামৰি ৰোগীগৰাকীক বৰপেটালৈ ৰেফাৰ কৰি চিকিৎসকগৰাকীয়ে পলায়ন কৰাক লৈ নাৰ্ছিংহোমখনত উত্তেজনাৰ সৃষ্টি হয় ৷ পৰিস্থিতি ক্ৰমাৎ উত্তেজনাপূৰ্ণ হোৱাত নাৰ্ছিং হোমখনত উপস্থিত হয় বৰপেটাৰোড আৰক্ষী ৷ বৰপেটাৰোড চহৰৰ বীণাপাণি নাৰ্ছিংহোমত ৰোগীক লৈ বাৰম্বাৰ চলি থকা এনে ল’ৰা-ধেমালিক লৈ অসন্তুষ্ট হৈ পৰিছে বৰপেটাৰোডৰ স্থানীয় ৰাইজ ৷ ইপিনে, নাৰ্ছিংহোমখনত আয়ুস্মান কাৰ্ডৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰা হয় যদিও প্ৰতিটো অস্ত্ৰোপচাৰৰ বাবদ ৰোগীৰ পৰা ১০/১৫ হাজাৰ টকা আদায় কৰা বুলি চিকিৎসকৰ বিৰুদ্ধে অভিযোগ তুলিছে ৰোগীৰ অভিভাৱকে ৷

You might also like