নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া যুৱকৰ তেজেৰে আকৌ ৰাঙলী হ’ল ম্যানমাৰৰ শিবিৰ

🔹 পাঠশালাৰ বিভাকৰসহ দুজনক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

🔹 ভোকৰ যন্ত্রণাত পলোৱাটোৱে অপৰাধ

নিয়মীয়া বার্তা, ২৯ অক্টোবৰ : কিছুদিন পূর্বে নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাধীন)ৰ শিবিৰত দুগৰাকীকৈ কেডাৰক মৃত্যুদণ্ড দিয়াৰ পিছতে আন দুজন কেডাৰক মৃত্যুদণ্ড দিয়াৰ খবৰ পোৱা গৈছে৷ প্রাপ্ত খবৰ অনুসৰি, সংগঠনটোৰ ম্যানমাৰস্থিত শিবিৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে দুজন কেডাৰক৷ সংগঠনটোৱে মৃত্যুদণ্ড বিহা কেডাৰ দুজনৰ ভিতৰত এজন পাঠশালাৰ যুৱক বুলি জানিব পৰা গৈছে৷ পাঠশালা নগৰৰ উত্তৰপট্টি নিৱাসী বিভাকৰ কলিতা নামৰ আলফা কেডাৰজনে ম্যানমাৰৰ শিবিৰৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অপৰাধত নিষিদ্ধ সংগঠনটোৱে আন এজন কেডাৰৰ সৈতে তেওঁক প্রাণদণ্ড বিহিছে বুলি জানিব পৰা গৈছে৷ খবৰ অনুসৰি, ছেপ্টেম্বৰ মাহতে বিভাকৰক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে৷ উল্লেখ্য যে ২০২২ চনৰ ৯ মার্চত পাঠশালাৰ এগৰাকী যুৱক তথা ৰাষ্ট্রীয় পর্যায়ৰ মিক্সড মার্চিয়েল আর্টৰ প্রতিভাৱান খেলুৱৈয়ে আলফাত যোগদান কৰা খবৰ লাভ কৰিব পৰা গৈছিল আৰু এই সন্দর্ভত সেই বর্ষৰে ২৩ এপ্রিলৰ ‘নিয়মীয়া বার্তা’ত সবিস্তাৰে বাতৰিও প্রকাশ হৈছিল৷ যুৱকগৰাকীয়ে বাক্সা জিলাৰ শিমলা নিৱাসী কমল শৰণীয়া নামৰ এজন যুৱকৰ সৈতে পাঠশালাৰ পৰা প্রথমে তিনিচুকীয়ালৈ গৈ তাৰ পিছতে আলফাত যোগদান কৰে বুলি সেই সময়ত জানিব পৰা গৈছিল৷ ঘৰখনৰ একমাত্র পুত্রৰ এনে কার্যত পৰিয়ালটো ভাগি পৰিছিল৷ তাৰ পিছতে বিভাকৰ কলিতাৰ ৰুগীয়া পিতৃ–মাতৃয়ে কান্দি কান্দি নিজৰ একমাত্র সন্তানক ঘূৰাই দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে হাতযোৰ কৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বানো জনাইছিল৷ উল্লেখ্য যে পাঠশালা নগৰৰ উত্তৰপট্টি নিৱাসী বিভাকৰ কলিতাই মিক্সড মার্চিয়েল আর্টৰ এগৰাকী প্রতিভাৱান খেলুৱৈ হিচাপে চৰকাৰী চাকৰি পাম বুলি বহু আশা কৰি বিভিন্ন চাকৰিৰ বাবে আবেদন কৰিছিল যদিও চাকৰিৰ মুখ নেদেখি হতাশ হৈ পৰিছিল আৰু খেলত মনোনিৱেশ কৰা বাদ দি পিতৃক বিভিন্ন কামত সহায় কৰিবলৈ আৰম্ভ  কৰে৷ ইয়াৰ পিছতে কাৰোবাৰ প্রৰোচনাত যুৱকজন আলফালৈ গৈছিল৷ জানিব পৰা অনুসৰি যোৱা বর্ষৰ ৯ মার্চৰ দুপৰীয়া প্রায় দুই বজাত বিভাকৰে তিনিচুকীয়াত থকা তেওঁৰ খুৰাকৰ ঘৰলৈ যাম বুলি ঘৰত মাত লগাই ওলাই গৈছিল৷ ঘৰৰ পৰা ওলাই যোৱাৰ পিছদিনাও পৰিয়ালৰ সৈতে ফোনত যোগাযোগ হয় যদিও তাৰ পিছদিনাৰ পৰা তেওঁৰ ফোন বন্ধ হৈ যায়৷ ৰুগীয়া পিতৃ–মাতৃ আৰু একমাত্র ভনীয়েকৰ কথা চিন্তা কৰি বিভাকৰক নিজ গৃহলৈ ঘূৰি অহাৰ ব্যৱস্থা কৰি দিবলৈ যুৱকজনৰ মাতৃয়ে কান্দি কান্দি সংবাদ মাধ্যমৰ জৰিয়তে পৰেশ বৰুৱাক অনুৰোধো জনাইছিল৷ কিন্তু তাৰ পিছৰ পৰাই পৰিয়ালে লাভ কৰিব পৰা নাছিল বিভাকৰৰ কোনো খবৰ৷ কিন্তু দুদিন পূর্বে বিভাকৰৰ পাঠশালাস্থিত গৃহত আলফাৰ শিবিৰৰ পৰা পলাই অহা উজনি অসমৰ এজন যুৱকে এই ভয়ংকৰ খবৰটো জনাইছিল৷ যুৱকজনে জনোৱা অনুসৰি যোৱা বর্ষৰ ছেপ্টেম্বৰ মাহতে আন এজন যুৱকৰ সৈতে বিভাকৰক আলফাই প্রদান কৰিছিল চৰম শাস্তি৷ আলফা কেডাৰজনে ম্যানমাৰৰ শিবিৰৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অপৰাধত নিষিদ্ধ সংগঠনটোৱে আন এজন কেডাৰৰ সৈতে তেওঁক প্রাণদণ্ড বিহিছিল সংগঠনটোত যোগদান কৰাৰ মাত্র ছমাহ পিছতে৷ সংগঠনটোত যোগদান কৰাৰ পিছতে বিভাকৰক হেনো সাংগঠনিকভাৱে নাম দিয়া হৈছিল প্রণৱ অসম৷ আলফাৰ শিবিৰত কেৱল পৰিমল চাউলৰ ভাত আৰু লাইশাকৰ আঞ্জাৰে দিনটোত মাত্র এসাঁজ খাই গভীৰ খাদ্য সংকটত ভুগি পেটৰ ভোকতে তেওঁলোকে শিবিৰৰ পৰা পলায়ন কৰিব বিচাৰিছিল বুলি দুদিন পূর্বে পাঠশালালৈ অহা যুৱকজনে বিভাকৰৰ পিতৃক জানিবলৈ দিছিল৷ লাচিত হাজৰিকা নামৰ আলফা নেতা এগৰাকীয়ে শূন্য দূৰত্বৰ পৰা বিভাকৰক গুলীয়াই হত্যা কৰা বুলি যুৱকজনে তেওঁৰ পৰিয়ালক জানিবলৈ দি কয় যে ম্যানমাৰত হেনো আলফাই তীব্র খাদ্য সংকটত ভুগিছে৷ যাৰ পৰিণতিত পলাই আহিব পৰাখিনি পলাই আহিছে আৰু নোৱাৰাখিনিও এনেদৰে থাকিলে এদিন অনাহাৰে মৃত্যুমুখত পৰিব বুলি আলফাৰ পৰা পলাই আহি আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰা যুৱকজনে বিভাকৰৰ পিতৃক জানিবলৈ দিয়ে৷ এনে এক প্রেক্ষাপটতে অসমৰ যুৱকসকলক নিজৰ একমাত্র পুত্রক হেৰুওৱা বিভাকৰৰ পিতৃয়ে আহ্বান জনাইছে যে নিজৰ জীৱন ধ্বংস কৰিবলৈ আৰু যাতে কোনো ল’ৰা আলফা (স্বাধীন)লৈ নাযায়৷ ইয়াৰ লগতে তেওঁ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো তেওঁৰ পুত্রৰ মৃত্যুদণ্ড সন্দর্ভত স্পষ্টীকৰণ দিবলৈ দাবী জনাইছে৷ এই ঘটনাৰ প্রায় এবছৰ পিছত লাভ কৰা অনাকাংক্ষিত খবৰটোৱে স্বাভাৱিকতে পাঠশালাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like