নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ডত জাহ ২৫ বাসগৃহ

🔹 পাঁচটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : ডিব্ৰুগড়ত যোৱানিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড।চহৰৰ মাজমজিয়াৰ কালীবাড়ীৰ ৰ’ডৰ হৰিজন কলনীত সংঘটিত এই ঘটনাত সৌভাগ্যক্ৰমে বহু ব্যৱসায়িক প্ৰতিষ্ঠান ৰক্ষা পৰে। নিশা প্ৰায় ৭:৩০ বজাত ক’ল ৰ’ডৰ সংগীতা ষ্টৰ্চৰ পিছফালে থকা হৰিজন কলনীৰ আৱাসত হঠাৎ এক অগ্নিকাণ্ডৰ সৃষ্টি হয়। প্ৰায় ৪০ ঘৰ থকা উক্ত আৱাসিক এলেকাৰ লোকসকলৰ মাজত ব্যাপক হৈ-চৈৰ সৃষ্টি হয়। পকা বজাৰৰ ক’লৰোড হৰিজন কলনীত হোৱা এই অগ্নিকাণ্ডত নিমিষতে ছাই হ’ল প্ৰায় ২৫টা বাসগৃহ। প্ৰায় দুঘন্টা ধৰি অগ্নিকাণ্ড অব্যাহত থাকে। জুইৰ লেলিহান শিখাই ২৫ৰো অধিক গৃহৰ সা-সম্পত্তি ভস্মীভূত কৰে। ডিব্ৰুগড়ৰ লগতে দুলীয়াজান অইল ইণ্ডিয়া, গেছ ক্ৰেকাৰ প্ৰকল্পৰ মুঠ ৭খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাকিটৰ বাবে হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আনহাতে, পথৰ সুচল ব্যৱস্থা নথকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সোমাব নোৱাৰাত অধিক ভয়াৱহ ৰূপ লয় অগ্নিকাণ্ডই। বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ প্ৰকৃত পৰিমাণ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ ফলত পশুধন, পোহনীয়া জন্তু জ্বলি ছাই হৈ যায় যদিও কোনো লোক হতাহতৰ বাতৰি লাভ কৰা নাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like