নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগৱান ৰামক লৈ প্রিয়ংকা গান্ধীৰ কি সমস্যা

🔹 শিৱৰাজ সিং চৌহানৰ প্রশ্ন

🔹 মধ্যপ্রদেশ বিধানসভা নির্বাচন

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : অহা ১৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মধ্যপ্রদেশ নির্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত আক্রমণ–প্রত্যাক্রমণ তুংগত উঠিছে৷ শাসকীয় বিজেপিৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে কালি মৌগঞ্জ জিলাৰ হনুমানাত আয়োজিত বিশাল নির্বাচনী সমাৱেশত বিৰোধী কংগ্রেছ দলক আক্রমণৰ লক্ষ্য কৰি লয়৷ কংগ্রেছৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধী ভদ্রাক আক্রমণৰ লক্ষ্য কৰি লৈ মুখ্যমন্ত্রী চৌহানে কয়- ভগৱান ৰাম আৰু মন্দিৰক লৈ প্রিয়ংকা গান্ধীৰ কি সমস্যা আছে, সেয়া মই তেওঁক সুধিব বিচাৰোঁ৷ পোষ্টাৰত বিজেপিয়ে ভগৱান ৰামৰ মন্দিৰ অংকন কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে নির্বাচন আয়োগক কংগ্রেছে অভিযোগ দাখিল কৰিছে৷ এই অভিযোগ দাখিলৰ পিছতে কংগ্রেছ আৰু প্রিয়ংকা গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্রী চৌহান৷ মন কৰিবলগীয়া যে শতিকা পুৰণি কংগ্রেছ দলৰ হৈ প্রিয়ংকা গান্ধী ভদ্রাই মধ্যপ্রদেশত নির্বাচনী প্রচাৰ অভিযান চলাই শাসকীয় বিজেপি চৰকাৰক তুলাধুনা দি আছে৷ এনে পৰিপ্রেক্ষিততে বিজেপিৰ মুখ্যমন্ত্রীগৰাকীয়ে কংগ্রেছৰ নেত্রী প্রিয়ংকা গান্ধীক আক্রমণৰ লক্ষ্য কৰি লৈছে৷

You might also like