নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃৰ সন্মুখতে কিশোৰীক বলাৎকাৰ লম্পটৰ

🔹 কামাখ্যা ধামৰ পাৰ্কিঙত জঘন্য কাণ্ড : বলাৎকাৰী নয়ন হালৈক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : মহানগৰীৰ কামাখ্যা ধামৰ পাৰ্কিঙত এক ঘৃণনীয় কাণ্ড সংঘটিত কৰে এটা লম্পটে। বহুদিন ধৰি কামাখ্যা ধামত ভিক্ষা কৰি চলা এগৰাকী কিশোৰীক মাতৃৰ সন্মুখতে বলাৎকাৰ কৰে নয়ন হালৈ নামৰ এটা লম্পটে। ইতিমধ্যে বলাৎকাৰী নয়ন হালৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, শনিবাৰে নিশা কামাখ্যা ধামৰ ভি আই পি পাৰ্কিঙত কিশোৰীগৰাকীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰে কামাখ্যা ধামতে ব্যক্তিগত ফটোগ্ৰাফাৰ হিচাপে কাম কৰা নয়ন হালৈয়ে। নিশাৰ সুযোগ লৈ এই কু-কাণ্ড সংঘটিত কৰে লম্পটটোৱে। মাতৃ-কন্যাই কামাখ্য়া ধামতে ভিক্ষা কৰি পৰিয়ালটো চলাইছিল। দুৰ্ভগীয়া পৰিয়ালটোৰ দুৰ্বলতাৰ সুযোগ লৈয়ে এই কাণ্ড সংঘটিত কৰে লম্পট নয়নে।

You might also like