নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীত চাইকেলৰ পৰা পৰি ছাত্ৰৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা,  ২৯ অক্টোবৰ : সমনীয়াৰ সৈতে খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা অষ্টম শ্ৰেণীৰ ১৪ বছৰীয়া কিশোৰ ছাত্ৰৰ চাইকেলৰ পৰা পৰি কৰুণ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলী বগীনদী সংযোগী লোকনিৰ্মাণ পথৰ উত্তৰ কুলাবালিৰ খুটিগাঁৱত। নিহত ছাত্ৰজন গোমনদী গাঁৱৰ জৱাহৰ গড়ৰ পুত্ৰ তথা গোমনদী চাহ জনজাতি এম ই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰোহিন গড় বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে, দুপৰীয়া সমনীয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ চাইকেল চলাই ওলাই আহি ঘটনাস্থলী খুটিগাঁৱত হঠাতে চাইকেলৰ পৰা পৰি কিছু পৰিমাণে আহত হয় যদিও আকস্মিকভাৱে গুৰুতৰভাৱে অসুস্থ হৈ পৰা ছাত্ৰজনক স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বগীনদী আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে যদিও চিকিৎসাৰ বাবে নিয়াৰ পথত ছাত্ৰজনৰ কৰুণ মৃত্যু ঘটে।
প্ৰেৰক ভুবন গৌতম
You might also like