নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত অস্ত্ৰসহ ধৃত পাঁচ ডকাইত

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল পাঁচজনকৈ দুৰ্ধৰ্ষ ডকাইত। নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৱানিশা অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। নগাঁও চহৰৰ সমীপৰ চলচলিৰ পৰা এই ডকাইতৰ দলটো নগাঁৱৰ  কঠীয়াতলী অভিমুখে  ডকাইতি কৰিবৰ বাবে এখন বিলাসী বাহনত আহিছিল। গোপন সূত্ৰে এই খবৰ লাভ কৰি নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত মৰিকলং আৰু বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে ডকাইতৰ দলটোৰ সন্ধানত মৰিকলং আৰু বৰঘাটত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে মাৰণাস্ত্ৰসহ পাঁচজনকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, দুটা সক্ৰিয় গুলী, এখন  বিলাসী বাহন, পাঁচটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইজন হল জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গৰীয়া কাৱৈমাৰীৰ ইনামূল হক (৩৫), আবিদুল ইছলাম (২৬), নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰীৰ ৰকিবুল হুছেইন (২৩), জেহিৰুল চৌধুৰী (২৪) আৰু বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত  ৰামপুৰ সত্ৰৰ  হিবজুৰ ৰহমান (২৫)। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ডকাইতকেইজনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে নগাঁও জিলাত শেহতীয়াভাৱে চুৰি-ডকাইতিৰ ঘটনা বৃদ্ধি পাইছে। বিগত কেইটামান দিনৰ ভিতৰত নগাঁৱত কেইবাটাও চুৰি-ডকাইতিৰ ঘটনা সংঘটিত হয়। কিন্তু কোনো এবাৰেই নগাঁও আৰক্ষীয়ে ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। এইবাৰ ডকাইতি কৰিবলৈ আহোঁতেই সশস্ত্ৰ ডকাইতৰ দলটোক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like