নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিন-দুপৰতে সুৰাত মগন আৰক্ষী

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : মহানগৰ আৰক্ষীৰ এক কাণ্ড ভাইৰেল এতিয়া সামাজিক মাধ্যমত। দিন-দুপৰতে সুৰা সেৱনত ব্য়স্ত আৰক্ষী। ফটাশিল আৰক্ষী থানাৰ AS-30-8874 নম্বৰৰ বাহনত বহি সুৰা সেৱন এজন আৰক্ষী আৰু গাড়ীচালকৰ। উপ-ৰাষ্ট্ৰপতি অহাৰ প্ৰাকমুহূৰ্তত একাংশ আৰক্ষীৰ এনে কৰ্মকাণ্ডই চকু কপালত তুলিছে সাধাৰণ নাগৰিকৰ। অৱশ্যে দিন-দুপৰতে সুৰাত ৰাগিত মতলীয়া এইগৰাকী আৰক্ষী আৰু চালকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কি ব্যৱস্থা লয়, সেয়া হ’ব লক্ষণীয়।

You might also like