নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ অক্টোবৰ, কাতি মাহৰ ১২ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা দ্বিতীয়, নক্ষত্র : ভৰণী, যাত্রা : নাই

মেষ : শুভ ৰং বগা, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল ফল পাব৷ তুলসীৰ পূজা কৰিব৷
বৃষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷ ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে৷ যিকোনো ভাল কাম কৰিলে সুফল পাব৷ বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে৷
মিথুন : শুভ ৰং হালধীয়া, সংখ্যা ৫৷ আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে৷ চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক, অন্যথা ক্ষতি হ’ব৷
কর্কট : শুভ ৰং বগা, সংখ্যা ৮৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ মাটিৰ সীমাক লৈ সমস্যা হ’ব পাৰে৷ কর্মত বাধা পাব৷ ঘৰৰ উত্তৰ কোণত খুঁটি এটা মাৰি তাত এখন ৰঙা কাপোৰ বান্ধিব আৰু গুৰিত ধূপ–চাকি জ্বলাব৷
সিংহ : শুভ ৰং আকাশী নীলা, সংখ্যা ৯৷ ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ অলপ চেষ্টা কৰিলে কর্মসংস্থাপন লাভ কৰিব পাৰিব৷
কন্যা : শুভ ৰং গুলপীয়া, সংখ্যা ২৷ খং দমাই ৰাখিব, অন্যথা ক্ষতি হ’ব ৷ যুটীয়াকৈ কৰা ব্যৱসায়ৰ ব্যৱসায়ীৰ মতানৈক্য হৈ সংঘাত আহিব পাৰে৷
তুলা : শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ চাকৰিয়ালসকলে আজি টকা–পইচাৰ লেনদেন নকৰা ভাল৷ পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব৷ সন্তানে সমাজত সুনাম পাব৷
বৃশ্চিক : শুভ ৰং বগা, সংখ্যা ৪৷ অচিন শত্রুৰ পৰা ক্ষতি হোৱাৰ ভয়৷ চাকৰিয়ালসকলে সন্মান লাভ কৰিব৷ ব্যৱসায়ত লোকচানৰ আশংকা আছে৷ সন্তানে দুখ দিব৷
ধনু : শুভ ৰং গেৰুৱা, সংখ্যা ৮৷ টকা–পইচাৰ লেনদেন কৰোঁতে সাৱধান হ’ব৷ আর্থিক ক্ষতিৰ যোগ৷ শিক্ষার্থীয়ে ভাল ফল দেখুৱাব পাৰিব৷ ব্যৱসায়ত শুভ৷
মকৰ : শুভ ৰং হালধীয়া, সংখ্যা ২৷ পুৰণা ৰোগত ভুগি থকাসকলে খোৱা–বোৱাত বিশেষ ধ্যান ৰাখিব৷ পাবলৈ থকা টকা হাতলৈ আহিব৷
কুম্ভ : শুভ ৰং নীলা, সংখ্যা ৩৷ বিবাহ সম্পর্কে চলি থকা কথা–বতৰাৰ আজি ভাল খবৰ পাব৷ আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ হাত–ভৰিত আঘাত পাব পাৰে৷
মীন : শুভ ৰং সেউজীয়া, সংখ্যা ৫৷ আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয়৷ দুর্ঘটনাৰ প্রবল সম্ভাৱনা আছে৷ সন্তানৰ ভুলৰ বাবে লাজত পৰিব৷

You might also like