নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভাকৰক প্রৱঞ্চনাৰে কৰা হৈছিল হত্যা

🔹 দুই কেডাৰৰ মৃত্যুক লৈ আলফা (স্বাঃ)

🔹 লাচিত হাজৰিকাক দিয়া হৈছে মৃত্যুদণ্ড

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : স্বাধীনতাপিয়াসী মন লৈ নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী সংগঠন আলফা (স্বাঃ)ত যোগদান কৰা কেইবাজনো যুৱকক সংগঠনবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত সংগঠনটোৱে মৃত্যুদণ্ড বিহাৰ ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰা সময়তে আত্মপক্ষ সমর্থন কৰি কেইবাটাও বিবৃতি জাৰি কৰিছে আলফা (স্বাঃ)–এ৷ শেহতীয়াকৈ পাঠশালাৰ বিভাকৰ কলিতা ওৰফে প্রণৱ অসম আৰু কামপুৰৰ তন্ময় বৰা ওৰফে দীপ অসম নামৰ দুজন যুৱকৰ আলফা (স্বাঃ)ৰ শিবিৰত মৃত্যু হোৱা ঘটনা সন্দর্ভত আজি পুনৰ এক বিবৃতি জাৰি কৰিছে সংগঠনটোৱে৷ সংগঠনটোৰ প্রচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসম স্বাক্ষৰিত বিবৃতিটোত সংগঠনটোৱে দুয়োজন যুৱকৰ মৃত্যুৰ ঘটনা স্বীকাৰ কৰাৰ লগতে স্পষ্টীকৰণো আগবঢ়াইছে৷ সংগঠনটোৰ স্পষ্টীকৰণ মর্মে শেহতীয়াকৈ আলফা (স্বাঃ)–এ মৃত্যুদণ্ড বিহা এ জেড শিৰোনাম অসম ওৰফে লাচিত হাজৰিকাই দুয়োজন সদস্যক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল৷ এই হত্যা প্রৱঞ্চনামূলকভাৱে কৰা হৈছিল বুলি দাবী কৰিছে সংগঠনটোৱে আৰু এই ঘটনাৰ বাবে একমাত্র এ জেড শিৰোনাম অসমহে জগৰীয়া বুলি উল্লেখ কৰিছে৷ বিবৃতিটোত উল্লেখ কৰা মতে, এ জেড শিৰোনাম অসমৰ পৃষ্ঠপোষকতাতে যোৱা ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত ভ্রাম্যমাণ মুখ্য কার্যালয়ৰ শিবিৰৰ পৰা পলায়ন কৰিছিল দীপ অসম আৰু প্রণৱ অসমে৷ তাৰ পিছদিনাই অর্থাৎ ১৮ ছেপ্টেম্বৰত দুয়োজনকে পহৰাদাৰী সদস্যই আটক কৰিছিল৷ কিন্তু দুয়োজনক শিবিৰলৈ ঘূৰাই অনাৰ পৰিৱর্তে ষড়যন্ত্রমূলকভাৱে এ জেড শিৰোনাম অসমে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল৷ পৰৱর্তী সময়ত এ জেড শিৰোনাম অসমে দুয়োজন সংঘর্ষত নিহত হয় বুলি আলফা (স্বাঃ)ৰ শীর্ষ নেতৃত্বক অৱগত কৰিছিল৷ কিন্তু পাছত দুয়োগৰাকী সদস্যক হত্যা যে ষড়যন্ত্রমূলকভাৱে কৰা হৈছিল, সেই কথা অৱগত হৈ শেহতীয়াকৈ এ জেড শিৰোনাম অসমকো মৃত্যুদণ্ডৰ দৰে কঠোৰতম শাস্তি সংগঠনৰ তৰফৰ পৰা দিয়া হৈছিল বুলি আলফা (স্বাঃ)–এ বিবৃতিটোত উল্লেখ কৰিছে৷ ইপিনে, দুগৰাকী খিলঞ্জীয়া যুৱকৰ পুনৰ আলফা (স্বাঃ)ৰ শিবিৰত মৃত্যু হোৱাৰ বাতৰি প্রচাৰ হোৱাৰ পাছতে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে সামাজিক মাধ্যমত দিয়া মন্তব্যৰ আঁত ধৰি সংগঠনটোৱে শাণিত ভাষাৰে সমালোচনা কৰিছে অসম আৰক্ষীৰ শীর্ষ বিষয়াগৰাকীক৷ সংগঠনটোৰ ভাবমূর্তিক জনমানসত ধ্বংস নকৰিবলৈ সকীয়নি দি ডিজিপি জি পি সিঙক সমালোচনাৰে থকা–সৰকা কৰিছে আলফা (স্বাঃ)–এ৷ তেওঁলোকৰ মতে, সংগঠনত উদ্ভৱ হোৱা আসোঁৱাহ দূৰ কৰিবলৈ সংগঠনৰ সংবিধান আৰু বিচাৰ–বিধিৰ দ্বাৰা যথোচিত প্রচেষ্টা হাতত লৈ সেয়া কার্যকৰী কৰা হৈছে৷ কিন্তু অসম আৰক্ষীত বিভিন্ন সময়ত উদ্ভৱ হোৱা বিভিন্ন ভুৱা এনকাউণ্টাৰ, আৰক্ষীৰ দ্বাৰা যৌন নির্যাতন, আৰক্ষীৰ ক’লা টকা, ধন দাবী ইত্যাদি ঘটনাৰ খবৰ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে ৰাখিছে নে নাই সেয়া প্রশ্ণ কৰিছে সংগঠনটোৱে ৷ খিলঞ্জীয়া শব্দটো আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ মুখত ‘ঘঁৰিয়ালৰ চকুপানীসদৃশ’ বুলি কটাক্ষ কৰি এই শব্দটো তেওঁৰ মুখত শোভা নাপায় বুলি মন্তব্য কৰিছে আলফা (স্বাঃ)–এ৷ প্রয়াত আৰক্ষী উপ–পৰিদর্শক জোনমণি ৰাভাৰ প্রসংগও উল্লেখ কৰি আলফা (স্বাঃ)–এ আজিও কিয় বিষয়াগৰাকীৰ পৰিয়ালক আৰক্ষীয়ে ন্যায় দিব পৰা নাই বুলিও প্রশ্ণ উত্থাপন কৰে৷ ভৱিষ্যতে আলফা (স্বাঃ)ৰ বিবৃতিত মূৰ ঘমোৱাতকৈ অসম আৰক্ষীক নিকা আৰু স্বচ্ছ কৰাত মনোনিৱেশ কৰিবলৈ ডিজিপি জি পি সিঙক পৰামর্শ আগবঢ়াইছে আলফা (স্বাঃ)–এ৷ ইপিনে, আলফা (স্বাঃ)ৰ উক্ত সমালোচনামূলক বিবৃতিৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে৷ অসম আৰক্ষীক লৈ কুৎসিত আৰু অশ্লীল ভাষা ব্যৱহাৰ নকৰাৰ বাবে বিনম্র অনুৰোধ জনাই সঞ্চালকপ্রধান জি পি সিঙে কয় যে মোক যিমান বিচাৰে সমালোচনা কৰক৷ কিন্তু অসমৰ জনসাধাৰণৰ প্রতি ২০০ বছৰীয়া সেৱাৰ গৌৰৱোজ্জ্বল ইতিহাস থকা মোৰ অসম আৰক্ষীক লৈ কুৎসিত আৰু ‘শ্লেং’ ভাষা ব্যৱহাৰ নকৰিব৷ অনুগ্রহ কৰি মই অনুৰোধ কৰিছোঁ৷

You might also like