নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰ আম্বানিলৈ ভাবুকি

🔹 ই–মেইলত ২০০ কোটি টকা দাবী দুর্বৃত্তৰ

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : পুনৰ ই–মেইলত হত্যাৰ ভাবুকি আহিল ৰিলায়েঞ্চ ইণ্ড্রাষ্টিজৰ অধ্যক্ষ মুকেশ আম্বানিলৈ৷ একেই ই–মেইলৰ পৰা এইবাৰ ২০০ কোটি টকা দাবী কৰি হত্যাৰ ভাবুকি দিয়া হৈছে বুলি মুম্বাই আৰক্ষীৰ সূত্রই সদৰী কৰিছে৷ ২৪ ঘণ্টাৰ ভিতৰত দুবাৰ হত্যাৰ ভাবুকি লাভ কৰিলে দেশৰ ধনাঢ্য ব্যক্তিগৰাকীয়ে৷ মুম্বাই আৰক্ষীৰ সূত্রই সদৰী কৰা অনুসৰি শুকুৰবাৰে প্রথমটো ভাবুকি আহে আম্বানিলৈ৷ অজ্ঞাত এক ই–মেইলৰ পৰা ২০ কোটি টকাৰ দাবী জনাই ভাবুকি প্রদান কৰা হৈছিল আম্বানিক৷ ইয়াৰ ২৪ ঘণ্টা পাছতে একেই ই–মেইল একাউণ্টৰ পৰা ভাবুকি আহিছে ধনাঢ্য ব্যক্তিগৰাকীলৈ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, এই ই–মেইল ক’ৰ পৰা প্রেৰণ কৰা হৈছে, তাৰ আইপি ঠিকনা চিহ্ণিত কৰা হৈছে৷ যিগৰাকী ব্যক্তিয়ে মুকেশ আম্বানিলৈ ভাবুকি প্রেৰণ কৰিছে, সেই ব্যক্তিগৰাকীৰ নাম ছাদাপ খান বুলিও আৰক্ষীয়ে দাবী কৰিছে৷ প্রথম ভাবুকি দিয়াৰ ২৪ ঘণ্টা পাছতে একেটা ই–মেইল একাউণ্টৰ পৰা ২০০ কোটি টকা দাবী কৰি মুকেশ আম্বানিলৈ ভাবুকি প্রদান কৰাৰ লগে লগে আৰক্ষী তৎপৰ হৈ পৰিছে৷ উল্লেখনীয় যে ইয়াৰ পূর্বেও মুকেশ আম্বানিলৈ একাধিকবাৰ হত্যাৰ ভাবুকি আহিছিল৷ শেহতীয়াকৈ দাবী কৰা ধন আদায় নিদিলে আম্বানিক হত্যা কৰা হ’ব বুলি ভাবুকি দিয়া হৈছে৷

You might also like