নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাৰ আকাশত এজাক শামুকভঙা চৰাইৰ নান্দনিক দৃশ্য

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : শ শ শামুকভঙা চৰাইয়ে শোভাবৰ্ধন কৰিছে ঘিলামৰাৰ আকাশ। শীতৰ আগমনৰ লগে লগে পৰিভ্রমী শামুকভঙা চৰাইৰ আশ্রয়স্থলীলৈ পৰিণত হৈছে ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজিক ঘাইপথৰ কাষতে থকা দুজোপা বৃহৎ শিমলু গছ।শামুকভঙা চৰাইয়ে বংশ বৃদ্ধিৰ বাবে বাছি লৈছে ৰাজ্যিক পথটোৰ ঘিলামৰাৰ ৰাইদঙ্গীয়া গাঁৱত থকা দুজোপাকৈ বৃহৎ শিমলু গছ।বিগত দুটা দশকে ৰাজপথৰ দাঁতিতে নিৰ্ভয়ে নিসংকোচে বাসকৰি অহা শামুকভঙা চৰাই জাকটোৱে সৌন্দয্যবৰ্ধন কৰিছে সমগ্ৰ অঞ্চলটোৰ।মুগ্ধ কৰিছে প্ৰকৃতিপ্ৰেমী আৰু যান্ত্ৰিকতাৰ মাজত থকা সদাব্যস্ত নাগৰিকক।চৰাই জাকৰ মধুৰ কোলাহলত পুৱা সাৰ পাই উঠে গাঁওখনৰ বাসিন্দা।পুৱা-গধূলি চৰাইৰ মাতে মুখৰিত হৈ থাকে ব্যস্ত ৰাজপথটোৰ আকাশ-বতাহ।চৰাইজাকৰ মধুৰ কোলাহলত থমকি ৰয় ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজিক ঘাইপথেৰে অহা যোৱা কৰা পথচাৰী। দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে সুউচ্চ শিমলু দুজোপাত বাস কৰি অহা শামুকভঙা চৰাইৰ জাকটো। এইসমূহ চৰাই চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকৃতিপ্ৰেমী সকলেও প্ৰতিদিনে গাঁওখনত ভিৰ কৰেহি বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে জনোৱা অনুসৰি,বছৰৰ ছমাহৰ বাবে শিমলু দুজোপাত আশ্ৰয় লয়হি পৰিভ্ৰমী শামুকভঙা চৰাইৰ জাকটোৱে।প্ৰতি বছৰে জুন মাহত আগমন ঘটা চৰাইৰ জাকটোৱে বাঁহ সাজি আশ্ৰয় লয়হি ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজিক ঘাইপথৰ কাষতে থকা বহু বছৰ পুৰণি শিমলুৰ গছ দুজোপাত।এই গছ দুজোপাতে আশ্ৰয় লৈ চৰাইৰ জাকটোৱে বংশবৃদ্ধি কৰি ডিচেম্বৰ-জানুৱাৰী মাহত পুনৰ পোৱালিসহ গুচি যায় অজান মুলুকলৈ।উল্লেখ্য যে পৰিভ্ৰমী শামুকভঙা চৰাইৰ জাকটোৰ সৈতে অঞ্চলবাসীৰো গঢ়ি উঠিছে এক নিবিড় সম্পৰ্ক।নিকটৱৰ্তী ৰাইজে আদৰ যত্ন লয় চৰাইখিনিৰ। দুস্কৃতিকাৰীৰ পৰা চৰাইজাকক ৰক্ষনাবেক্ষণ দি আহিছে অঞ্চলটোৰ ৰাইজে।ইফালে চৰাইজাকৰ বিষ্ঠাৰৰ দুৰ্গন্ধই মাজে সময়ে অঞ্চলটোৰ ৰাইজক আমনি দিয়ে যদিও প্ৰকৃতিৰ অন্যবদ্য উপহাৰ এই চৰাই জাকক সংৰক্ষণ কৰাৰ স্বাৰ্থতেই আজিলৈকে চৰাই জাকটোৰ আবাসস্হলীৰ কোনো ক্ষতি কৰা নাই অঞ্চলটোৰ ৰাইজে। এটা ব্যস্ত ৰাজপথৰ কাষত ঘন জনবসতিপূৰ্ণ এলেকাত এইদৰে হাজাৰ হাজাৰ চৰাইয়ে নিৰ্ভয়ে বসবাস কৰি থকাটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে আজিৰ দিনত এক সুখবৰ হিচাপে বিবেচিত হৈছে।যি সময়ত জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হৈ অসমৰ আকাশৰ পৰা শামুকভঙা ক্ৰমশঃ নিঃশেষ হৈ যাব ধৰিছে সেই সময়তে ক্ৰমাৎ হেৰাই যোৱা দুষ্প্ৰাপ্য পক্ষীসমূহক সুৰক্ষা আৰু সংৰক্ষনেৰে ঘিলামৰাৰ ৰাইদঙ্গীয়াবাসীয়ে দেখুৱাইছে প্ৰকৃতি প্ৰেমৰ অপূর্ব নিদৰ্শন।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like