নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ মাহে দৰমহাৰ পৰা বঞ্চিত ধুবুৰী পৌৰসভাৰ স্থায়ী কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ বিগত ২৭ মাহে নিজৰ প্ৰাপ্য দৰমহা পোৱা নাই ধুবুৰী পৌৰসভাৰ কোনো এগৰাকী স্থায়ী কৰ্মচাৰীয়ে। নাম প্ৰকাশত অনিচ্ছুক পৌৰসভাটোৰেই এগৰাকী কৰ্মচাৰীয়ে সদৰী কৰিছে এই তথ্য। অৱশ্যে দুৰ্গা পূজাৰ পূৰ্বে তেওঁলোকক ৬ মাহৰ দৰমহা দিয়াৰ কথা আছিল যদিও সেয়া বৰ্তমানলৈ কৰ্মচাৰী কেই গৰাকীয়ে পোৱা নাই বুলিয়েই প্ৰকাশ। জানিব পৰা মতে ধুবুৰী পৌৰসভাৰ স্থায়ী কৰ্মচাৰীৰ সংখ্যা বৰ্তমানে হ’ল ৩৬ গৰাকী।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like