নগৰবেৰাত কাৰাটে একাডেমী উদ্বোধন গোলাপ ৰাভাৰ
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ নগৰবেৰাত পেনচাক চিলাট’ নামৰ এখন কাৰাটে একাডেমি আজি শুভ উদ্বোধন কৰে মিঃ ৱৰ্ল্ড গোলাপ ৰাভাই। ৰাভাই সকলোকে শৰীৰ চৰ্চাত মনোনিৱেশ কৰি নিচাজাতীয় সামগ্ৰীৰ পৰা দূৰত অৱস্থান কৰিবলৈও আহ্বান জনায়। নগৰবেৰা আঞ্চলিক ৰাস কাৰ্যালয়ত আনুষ্ঠানিকভাবে সপত্নীক উপস্থিত হৈ গোলাপ ৰাভাই ৰাইজক উদ্দেশ্যি বহুমূলীয়া ভাষণ দিয়াৰ উপৰি ৰাইজৰ অনুৰোধত পেশীসুলভ দেহ প্ৰদৰ্শন কৰে। স্মৰ্ত্তব্য যে দক্ষিণ কামৰূপত প্ৰথমবাৰৰ বাবে মুকলি কৰা পেনচাক চিলাট’ নামৰ একাডেমিৰ প্ৰশিক্ষিকা তথা প্ৰতিষ্ঠাপক ৰাজুফা আহমেদৰো শলাগ লয় তেওঁ। আজিৰ উদ্বোধনী পৰ্বত নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধি, আদৰ্শ বিদ্যালয়, দোকুচিৰ অধ্যক্ষ ড° ৰমেন বায়ন, ইলিগেণ্ট ইন্সিটিউট’ৰ পৰিচালন সঞ্চালক চোলেমান শিকদাৰ, বিক্ৰম চাৰাভাই চায়েন্স একাডেমিৰ পৰিচালন সঞ্চালক আব্দুল জলিল, লিবাৰ্টি কমাৰ্চ ইন্সটিটিউট’ৰ পৰিচালন সঞ্চালক কাজম আলী ,ছাত্ৰ নেতা দীপক পাঠক ,লুইতপৰীয়া মহাবিদ্যালয়ৰ শিক্ষক অভিৰাম কলিতা, সাংবাদিক, সাহিত্যিক আবুল কালাম আজাদকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা একাডেমিত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উপস্থিত সকলোৱে নিজৰ-নিজৰ ভাষণ কালত উদ্যোক্তা ৰাজুফা আহমেদৰ পদক্ষেপৰ শলাগ লয়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস