নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটা পূৰ্বাঞ্চল লক্ষ্মী পূজাৰ সোণালী জয়ন্তীৰ স্মৰণিকা উন্মোচন

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ সৰুপেটাৰ সমীপৰ বামুণপাৰাত সৰুপেটা পূৰ্বাঞ্চল শ্ৰীশ্ৰীলক্ষ্মীপূজা মহোৎসৱৰ সোণালী জয়ন্তী কাৰ্যসূচীৰ দ্বিতীয় দিনা নিশাৰ ভাগত লক্ষ্মী পূজা উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা জাহ্‌ণু ভৰদ্বাজ সম্পাদিত আৰু জুবলী পাটগিৰীয়ে আঁত ধৰা আৰু প্ৰয়াত সৰ্বেশ্বৰ শৰ্মা সোঁৱৰণী মঞ্চত অনুষ্ঠিত স্মৰণিকা উন্মোচন কৰা হয়। উন্মোচন কৰে ড০ ভৱেশ পাটগিৰীয়ে। উন্মোচনী ভাষণত তেওঁ কয়, ‘কৰ্ম বিনে মানৱ জীৱন অৰ্থহীন।মানৱ জীৱনক অধিক গতিশীল আৰু অৰ্থপূৰ্ণ কৰি তুলিবলৈ কৰ্ম বিনে গত্যন্তৰ নাই।মানৱ জীৱনত কৰ্মৰ মূল প্ৰকাৰ ভেদ দুটা।সকাম আৰু নিষ্কাম কৰ্ম।সকাম কৰ্মত কৰ্তাৰ ধ্যান বা একাগ্ৰতা বিচলিত হয়।কৰ্মই পূৰ্ণতা লাভ নকৰে।তেনে ক্ষেত্ৰত ফলৰ মাদকতাই কৰ্মৰ পদ্ধতি, মানদণ্ড,ব্যক্তিৰ বিবেক,বুদ্ধি,মন‌ আদিক অধিক প্ৰভাৱিত কৰা বাবে নিয়াৰিকৈ কৰ্ম সম্পাদন নহয়।আনহাতে নিষ্কাম কৰ্মৰ ক্ষেত্ৰত দেহ-মন আৰু বিবেক কোনোধৰণৰ ফল আশা নকৰাকৈ কৰ্মত নিয়োজিত হয় বাবে কৰ্ম সুচাৰুৰূপে সম্পাদিত হয়।সেয়ে এই দুই কৰ্ম পদ্ধতিৰ নিষ্কাম কৰ্মকেই আমি শ্ৰেষ্ঠ কৰ্ম বুলি কব পাৰো।’ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰবীণ শিক্ষাবিদ ড০ মনোৰঞ্জন দাসে বিভিন্ন ধৰ্ম-সম্প্ৰদায়ৰ লোকেৰে পুষ্ট বামুণপাৰা গাঁওৰ লক্ষ্মীপূজা অমলিন এক তীৰ্থভূমিত পৰিণত হোৱা বুলি মন্তব্য কৰে। আনহাতে উন্মোচনী অনুষ্ঠানত উপস্থিত সৰুপেটাৰ বিদ্যামন্দিৰ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গপেশ চন্দ্ৰ দাসে বৰ্তমান ‘ডিজিটেল’ যুগতো গ্ৰন্থৰ আদৰ কমা নাই বুলি মন্তব্য কৰে। এইক্ষেত্ৰত উন্নত ৰাষ্ট্ৰ জাপানৰ উদাহৰণ দাঙি ধৰি তেওঁ জাপানৰ লোকসকলে অধ্যয়নৰ বাবে ‘ডিজিটেল পৃথিৱী’খন বাদ দি পুনৰ গ্ৰন্থৰ পৃথিৱীখনলৈকে উভতি অহা বুলি তেওঁ মন্তব্য কৰে।আনহাতে অনুষ্ঠানত উপস্থিত বিশিষ্ট নিৱন্ধকাৰ চন্দন শৰ্মাই অধ্যয়ন সংস্কৃতি সুৰুচিপূৰ্ণ মনৰ পৰিচায়ক বুলি মন্তব্য কৰে।অধ্যয়নে বিবেকৰ বল বৃদ্ধিৰ লগতে মানৱীয় গুণৰ বিকাশৰ ক্ষেত্ৰত মহৌষধৰ দৰে কাম কৰে বুলিও তেওঁ মন্তব্য কৰে।অনুষ্ঠানত উপস্থিত অভিনেতা অমিতাভ তালুকদাৰে জনপ্ৰিয় কবি জীৱন নৰহৰ এটি কবিতা আবৃত্তি কৰি উপস্থিত ৰাইজক যথেষ্ট আমোদ দিয়া পৰিলক্ষিত হয়।উল্লেখ্য ইয়াৰ আগেয়ে প্ৰয়াত সৰ্বেশ্বৰ শৰ্মাৰ সহধৰ্মিনী লীলা দেৱীয়ে ৰঙা ফিটা কাটি তেওঁৰ স্বামীৰ নামত উৎসৰ্গিত মঞ্চখনি মুকলি কৰে। উল্লেখ্য,কালি দ্বিতীয় দিনৰ কাৰ্যসূচীত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ লগতে ওজাপালি আৰু সন্ধিয়া আতচবাজী প্ৰদৰ্শন কৰা হয়।অনুষ্ঠানত লক্ষ্মীপূজাৰ সৈতে জড়িত গাঁওখনৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱাৰ লগতে স্থানীয় আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like