নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপৰিগোগত মিচিং ভাষা দিৱস পালন

বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ গুৱাহাটী বাংকে আগম কৌবাঙৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ জাপৰিগোগৰ মুৰং অকুম লত্তাত ৩৯সংখ্যক মিচিং ভাষা দিৱসৰ উলহ–মালহেৰে উদ্যাপন কৰে৷ এই উপলক্ষে পতাকা উত্তোলন কৰে গুৱাহাটী বাংকে আগম কৌবাঙৰ সভাপতি তুলেশ্বৰ পেগুৱে৷ ইফালে, দুপৰীয়া ১ বজাত তুলেশ্বৰ পেগুৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ সদৌ গুৱাহাটী মিচিং মহিলা সমিতিৰ সদস্যাসকলৰ সমৱেত সংগীতেৰে আৰম্ভ হোৱা সভাখনি উদ্বোধন কৰে গুৱাহাটী মিচিং কৌবাঙৰ উপদেষ্টা উকেন পেগুৱে৷ উদ্বোধক উকেন পেগুৱে তেওঁৰ বক্তব্যত মিচিং ভাষা ক্রমবিৱর্তণ আৰু বর্তমান সময়ত ভাষাটোৱে সন্মুখীন হোৱা সমস্যা সম্পর্কে বিৱৰি কয়৷ তেওঁ লগতে শেহতীয়াভাৱে ৰোমান লিপিৰ পৰা পুনৰ নতুন লিপি গ্রহণৰ বাবে কৰা চিন্তা চর্চাৰ বিৰোধিতা কৰে৷ কিয়নো বিগত ৫১ বছৰে চলি থকা লিপিৰ পৰিৱর্তে নতুন লিপি গ্রহণে ভাষাটোক অস্তিত্বহীন কৰি তোলাৰ আশংকা প্রকাশ কৰে৷ পেগুৱে লিপিৰ পৰিৱর্তনে মিচিং ভাষালৈ সংকট নমাই আনিব আনিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সভাত সভাপতিত্ব কৰি গুৱাহাটী বাংকে আগম্ কৌবাঙৰ সভাপতি তুলেশ্বৰ পেগুৱে মিচিং ভাষাৰ প্রতি সম্প্রদায়টোৰ প্রতিজন ব্যক্তিৰ আনুগত্য থকাটো উচিত বুলি কয়৷ চর্চা হ’লেহে ভাষাৰ উন্নয়ন সম্ভৱ বুলি উল্লেখ কৰি তেওঁ স্কুলীয়া দিনৰে পৰা মিচিং ভাষা দিৱস উদ্যাপনৰ সৈতে জড়িত হৈ অহা বুলি কয়৷ অনুষ্ঠানত গুৱাহাটী বাংকেৰ জ্যেষ্ঠ নাগৰিক কৌবাঙৰ সম্পাদক লক্ষীকান্ত পেগুৱে নির্দিষ্ট বক্তা, গুৱাহাটী মিচিং কৌবাঙৰ প্রাক্তন সভাপতি সর্বেশ্বৰ পেগু আৰু গুৱাহাটী আগগলুং কৌবাঙৰ সম্পাদক লক্ষী কুম্বাঙে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে৷ অনুষ্ঠানৰ সংগতি ৰাখি ধৰণী টাওৰ সম্পাদনাত আৰু অভিজিত কুটুমৰ সহযোগিতাত প্রকাশিত ‘কুংকং’ শীর্ষক বার্ষিক মুখপত্র উন্মোচন কৰা হয়৷ অনুষ্ঠানত বিশিষ্ট লেখক তুলেশ্বৰ পেগুৰ ৰচিত ‘গমনান্’ শীর্ষক এখন গ্রন্থও উন্মোচন কৰা হয়৷ অনুষ্ঠানত সোণাইঘূলি দৃৰবৃ আপেঃ আৰু সদৌ গুৱাহাটী মিচিং মহিলা সমিতিয়ে গুমৰাগ নৃত্য পৰিৱেশন কৰে৷ উল্লেখ্য যে অনুষ্ঠানত মিচিং ভাষা সাহিত্য উন্নয়নৰ হকে অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয়৷ স্মর্তব্য যে ১৯৮৫ চনৰ ৩০ অক্টোবৰত অসম চৰকাৰে মিচিং ভাষাক দিয়া স্বীকৃতিৰ সন্মানার্থে প্রতি বছৰে এই দিনটো মিচিং সমাজে মিচিং ভাষা দিৱস উদযাপন কৰি আহিছে৷

You might also like