বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰীহৰিমন্দিৰ পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য নিৰ্বাচনৰ আজি ফলাফল ঘোষনা কৰিছে নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াই। মুঠ ২৩গৰাকী সদস্য পদৰ বাবে হোৱা নিৰ্বাচনত মুঠ ৮২গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। সেই ফলাফল অনুসৰি, মনোজ চৌধুৰী, পংকজ বৰ্মন, হৰেন হালৈ, জোন কুমাৰ বৰ্মন, হেমন্ত কুমাৰ দাস, তপেশ্বৰ দাস, সৰ্বেশ্বৰ কলিতা, মলয় মহন্ত, গনেশ তামুলী, বানেশ্বৰ দাস, দ্বিপন কলিতা, পৰেশ চন্দ্ৰ হালৈ, মোহন হালৈ, মিন্টু তামুলী, অক্ষয় ডেকা, অনুপ দাস, ধীৰাজ দাস, দিলজিৎ বৰ্মন, কেশৱ বৰ্মন, সুকুমাৰ শৰ্মা, দিগন্ত লোচন শৰ্মা, ৰাতুল ৰয় আৰু ধ্ৰুৱজ্যোতি শৰ্মা নিৰ্বাচিত হৈছে। কালি পুৱা ৮ বজাৰ পৰা আবেলি ৩ বজালৈ নলবাৰী হৰিমন্দিৰ অতিথিশালাত অনুষ্ঠিত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হয়৷ উল্লেখযোগ্য যে হৰিমন্দিৰৰ মুঠ আজীৱন সভ্যৰ সংখ্যা হ’ল ২৩৬৩জন। আজি ইয়াৰে ২১৮৮গৰাকীয়ে ভোট প্ৰদান কৰা বুলি জনা গৈছে। জিলা প্ৰশাসনৰ তত্বাৱধানত অনুষ্ঠিত নিৰ্বাচনত মুঠ ৯২.৫ শতাংশ ভোট প্ৰদান কৰা বুলি জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ।মনকৰিবলগীয়া যে নিৰ্বাচনক লৈ হৰিমন্দিৰ চৌহদত এক উখল মাখল পৰিবেশৰ সূচনা হয়।লোকে লোকাৰণ্য হৈ পৰে হৰিমন্দিৰ চৌহদ। কালি ভোট প্ৰদান কৰাসকলৰ ভিতৰত অন্যতম হ’ল মন্ত্ৰী তথা হৰিমন্দিৰৰ নৱনিৰ্বাচিত সভাপতি জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত বৰ্মন আদি। ইপিনে আজি হৰি মন্দিৰ প্ৰাংগনত পুৱা ৯ বজাৰ পৰা ভোটগননা প্ৰক্ৰিয়া আৰম্ভ হয়। মনকৰিবলগীয়া যে ২৭জনীয়া হৰিমন্দিৰ পৰিচালনা সমিতিখনত ইতিমধ্যে সভাপতি পদত জয়ন্ত মল্ল বৰুৱা, সাধাৰণ সম্পাদক পদত নলিনীকান্ত শীল আৰু মহিলাৰ বাবে সংৰক্ষিত দুগৰাকী সদস্য বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন