গাজাৰ হাস্পতাল খালী কৰাৰ নির্দেশ শিশু–মহিলাক
🔹 ইজৰাইলী সেনাৰ কার্যত ক্ষুব্ধ ৰাষ্ট্রসংঘ–বিশ্ব স্বাস্থ্য সংস্থা : হামাছৰে মুখামুখি যুদ্ধ আৰম্ভ
বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : গাজাত হামাছৰ বিৰুদ্ধে মুখামুখি যুদ্ধ আৰম্ভ হৈছে ইজৰাইলী সেনাৰ৷ ইজৰাইলৰ আক্রমণৰ মাজতে গাজাত সৃষ্টি হৈছে মানৱীয় সংকট৷ ৰাষ্ট্রসংঘই বাৰে বাৰে ইজৰাইলক যুদ্ধবিৰতিৰ বাবে আহ্বান জনাইছে যদিও ইজৰাইলে যুদ্ধৰ গতি বৃদ্ধি কৰিছে৷ পৰহি নিশা গাজাত প্রৱেশ কৰিছে ইজৰাইলৰ বৃহৎ স্থলবাহিনী৷ ইজৰাইলী সেনাৰ মুখপাত্র ডেনিয়েল হাগাৰিয়ে উল্লেখ কৰা অনুসৰি পৰহি হামাছৰ ৪৫০টা ঘাটিত বায়ুসেনাই বোমাবর্ষণ কৰিছে৷ গাজাৰ উত্তৰ অংশত এতিয়া ইজৰাইলী সেনা বিয়পি পৰিছে৷ বাসিন্দাসকলক প্রাণৰক্ষাৰ বাবে দক্ষিণ প্রান্তলৈ যোৱাৰ বাবে নির্দেশ দিছে ইজৰাইলী বাহিনীয়ে৷ এই নির্দেশত স্তম্ভিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা৷ সংস্থাটোৰ মুৰব্বী টেড্রছ আধানম ঘেব্রিয়েছাছে ক্ষোভ প্রকাশ কৰি কৈছে যে হাস্পতালত ৰোগী ভর্তি হৈ আছে৷ এনে অৱস্থাত এই ৰোগীসকলক অন্য স্থানলৈ স্থানান্তৰ কৰা অসম্ভৱ৷ লক্ষণীয় যে হাস্পতালসমূহ ইজৰাইলী সেনাই খালী কৰি দিবলৈ নির্দেশ দিয়া ঘটনাক কেন্দ্র কৰি বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ ইজৰাইলী সেনাই যুদ্ধ অপৰাধ সংঘটিত কৰা বুলি বিভিন্ন সংস্থাই অভিযোগ কৰিছে যদিও আমেৰিকাই গাজাৰ হাস্পতালত অসামৰিক লোকৰ সৈতে হামাছ সন্ত্রাসবাদী থকা বুলি উল্লেখ কৰিছে৷ অর্থাৎ ইজৰাইলক একপ্রকাৰ গাজাৰ সকলো স্থানত অভিযান চলোৱাৰ অনুমতি দিছে আমেৰিকাই৷ হাস্পতালত আশ্রয় লৈ থকা বহু দুর্গত শিশু আৰু অন্তঃসত্ত্বা মহিলাৰ বাবে ইজৰাইলী সেনাৰ নির্দেশ হৈ পৰিছে ভয়াৱহ৷ তাৎক্ষণিকভাৱে এই দুর্গত লোকসকলে অন্য স্থানলৈ গুচি যোৱাটো অসম্ভৱ যদিও ইজৰাইলী বাহিনীয়ে এইক্ষেত্রত মানৱীয়তাৰ পৰিচয় দিয়া পৰিলক্ষিত হোৱা নাই৷ ইফালে, বিশ্বৰ বিভিন্ন স্থানত ইজৰাইল আৰু ইহুদীবিৰোধী প্রতিবাদ অব্যাহত থকা পৰিলক্ষিত হৈছে৷ কালি ৰাছিয়াৰ এটা বিমানবন্দৰত ইজৰাইলী বিমান অৱতৰণ কৰাৰ লগে লগে সৃষ্টি হয় তীব্র বিক্ষোভ৷