নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধী ঐক্যমঞ্চক ৰাইজে কেতিয়াবাই বয়কট কৰি থৈছে : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

🔹 চিনেমাক লৈ কোনো ৰাজনীতি হ’ব নালাগে

বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : বিৰোধী ঐক্যমঞ্চই চেনেল বয়কট কৰা সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কটাক্ষ কৰি কয় যে যাৰ লগত মানুহেই নাই, সেই INDI ALLIANCE-এ কি চেনেল বয়কট কৰিব। ৰাইজে তেওঁলোকক কেতিয়াবাই বয়কট কৰি থৈছে। তদুপৰি ভূপেন বৰাক বয়কট কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ নেতাই ‘ৰাঘৱ’ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চিনেমাক লৈ কোনো ৰাজনীতি হ’ব নালাগে। শিল্পত কোনো অগপ, বিজেপি, কংগ্ৰেছ নাথাকে। উল্লেখ্য যে যতীন বৰা অভিনীত ‘ৰাঘৱ’ক লৈ সম্প্ৰতি ৰাজ্যত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। এই সময়তে মন্ত্ৰীগৰাকীয়ে ‘ৰাঘৱ’ৰ প্ৰসংগত এই মন্তব্য কৰে। উল্লেখ্য যে ১ নৱেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাসহ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে যতীন বৰা অভিনীত ‘ৰাঘৱ’ উপভোগ কৰিব।

You might also like