নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষক, বৰ্ষীয়ান ৰাজনীতিবিদ শৰৎ বৰকটকীৰ মৃত্যুত শোকাহত চৰাইদেউ জিলাবাসী। নিশা জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীৰ নশ্বৰ দেহ সোণাৰিস্থিত বাসভৱন আহি পোৱাৰ পাছতে শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰে অজস্ৰ গুণমুগ্ধই। ইফালে, আজি প্ৰয়াত বৰকটকীয়ে চাকৰি জীৱন আৰম্ভ কৰা দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত সোণাৰিৰ ৰাজীৱ ভৱনত দলীয় কৰ্মকৰ্তাই জনায় শেষ শ্ৰদ্ধা। সোণাৰি মহাবিদ্যালয়, সোণাৰি কমাৰ্চ কলেজত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দুপৰীয়া ১২.৩০ বজাত ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে জিলাখনৰ বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে । আবেলি ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। ইফালে, বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে ব্যৱসায়ী মহলে স্বত:স্ফূৰ্ততভাৱে দোকান-পোহাৰসমূহ আজি বন্ধ ৰাখে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, হেমপ্ৰভা শইকীয়া, ৰাণা গোস্বামী, অপূর্ব কুমাৰ ভট্টাচাৰ্য, উৎপল গগৈ, সূৰুয দিহিঙীয়াকে আদি কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বহু নেতা উপস্থিত থাকে ।
প্ৰেৰক দীপাংকৰ পাল