🟢কাজিৰঙাত এলিভেটেড কৰিডৰ, নুমলীগড়-গহপুৰ সংযোগী সুৰংগ, গুৱাহাটী ৰিং ৰোড, বাইহাটা চাৰিআলি-তেজপুৰ সংযোগী ৰাষ্ট্রীয় ঘাইপথ চাৰিলেনযুক্তকৰণ, কামাখ্যাৰ পৰা কামাখ্যা ৰেল ষ্টেচনলৈ ৰোপৱে প্রকল্প ৰূপায়ণ কৰিবলৈ কেন্দ্রীয় মন্ত্রীগৰাকীক মুখ্যমন্ত্রীৰ অনুৰোধ
🟢কেন্দ্রীয় পুঁজিৰ অধীনত ৰাজ্যৰ পথ যোগাযোগ উন্নীতকৰণৰ বাবে ৫০০ কোটি দিবলৈ কেন্দ্রীয় মন্ত্রীগৰাকীক আহ্বান জনালে মুখ্যমন্ত্রীয়ে
বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ পথ যোগাযোগ খণ্ডৰ উন্নীতকৰণেৰে সমৃদ্ধিৰ পথত অসমক আগুৱাই নিয়াৰ সুদূৰপ্রসাৰী লক্ষ্যৰ অংশ হিচাপে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি সর্বমুঠ ১৭৫৫৬ কোটি টকা বিনিয়োগেৰে ২২ টা ৰাষ্ট্রীয় ঘাইপথ প্রকল্পৰ শিলন্যাস কৰাৰ লগতে ৪টা প্রকল্প ৰাষ্ট্রৰ নামত উৎসর্গা কৰে৷ উল্লেখ যে, কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে কলিয়াবৰ তিনিআলি–দোলাবাৰীলৈ ৪ লেনযুক্ত পথৰ লগতে ব্রহ্মপুত্র নদীৰ ওপৰত নির্মিত নতুন ২ লেনযুক্ত দলং, দোকমোকা–লৰিং থেপিৰ ৪ লেনযুক্ত পথ, পোৱামাৰাৰ পৰা বাটাইয়ালৈ, ত্রিণোখাটৰ পৰা মুন্দামাললৈ আৰু লোৱাৰপুৱাৰ পৰা চুৰাইবাৰীলৈ ২ লেনযুক্ত পথ আৰু নুমলীগড–খটখটি পথৰ সুদৃকৰণ প্রকল্প আজি ৰাষ্ট্রৰ নামত উৎসর্গিত কৰে৷ আনহাতে কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রীগৰাকীয়ে আজি তিনিচুকীয়া–মাকুম বাইপাছৰ পেভ শ্বল্ডাৰসহ ৪ লেন ২ লেনকৰণ, চিমেন চাপৰি – নগাবাং গামছুকৰ ৪ লেনকৰণ, ধূপধৰা চহৰ–ছয়গাঁৱৰ ৪ লেনকৰণ, শিলচৰ–ধানেহৰিৰ ৪ লেনকৰণ, ডিমা হাছাওত পি লেইকুল–বৰোৱাপুৰ পেভ শ্বল্ডাৰসহ ২ লেনকৰণ, ডিগবৈ বাইপাছত বগপানীৰ পৰা গোলাই গাঁৱলৈ পেভ শ্বল্ডাৰসহ ২ লেনকৰণ, নগাবাং গামছুক–অসম অৰুণাচল প্রদেশ সীমান্তৰ ৪ লেনকৰণ, ছয়গাঁও–গুৱাহাটী বিমানবন্দৰ জাংছনৰ ৪ লেনকৰণ, ধানেহৰি–লাইলাপুৰৰ ৪ লেনকৰণ, শ্রীৰামপুৰ–কচুখানা হৰিচাৰা পাগলাগঞ্জৰ ৪ লেনকৰণ, দুধনৈ–দাইনাডুবিৰ পেভ শ্বল্ডাৰসহ ২ লেনকৰণ, মার্ঘেৰিটা–লিডু বাইপাছৰ সৈতে গোলাই গাঁৱৰ পৰা লিডুলৈ পেভ শ্বল্ডাৰসহ ২ লেনকৰণ, নিচিন্তা–পাইকানৰ ৪ লেনকৰণ, পঞ্চগ্রাম বাইপাছৰ ৪ লেনকৰণ, ডিমা হাছাওত হাংগ্রুম–হেজাইচকৰ পেভ শ্বল্ডাৰসহ ২ লেনকৰণ, কচুখানা হৰিচাৰা পাগলাগঞ্জ–ধুবুৰী–ফ্ দলঙৰ প্রৱেশ পথৰ ৪ লেনকৰণ, জয়পুৰৰ পৰা শুকানজুৰিলৈ পুনঃনির্মাণ, কান্দুলিজান গাঁও–চিমেন চাপৰিৰ ৪ লেনকৰণ, পাইকান–ধূপধৰা চহৰৰ ৪ লেনকৰণ, বদৰপুৰ বাইপাছৰ ৪ লেনকৰণ, ডিমা হাছাওত হেজাইচক–পি লেইকুলৰ পেভ শ্বল্ডাৰসহ ২ লেনকৰণ, দিল্লাই–লাহৰিজানৰ ৪ লেনকৰণৰ পথ প্রকল্পৰ ভার্চুৱেলী শিলন্যাস কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই আজি ১৭৫৫৬ কোটি টকা ব্যয়ৰে ২৬ টা ৰাষ্ট্রীয় ঘাইপথ প্রকল্পৰ শুভাৰম্ভ অথবা আধাৰশিলা স্থাপন কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি কয় যে অসমে আগতে এনে ভাল দিন দেখা নাছিল৷ গুৱাহাটীত এটা ৰিং ৰোড নির্মাণৰ দিশত থকা এক পৰিকল্পনাৰ কথা দোহাৰি মুখ্যমন্ত্রীয়ে কয় যে সম্প্রতি ৬ লেনযুক্ত খানাপাৰাৰ পৰা জালুকবাৰীলৈ নির্মাণ হৈ আছে৷ এই পথছোৱা বাইহাটা চাৰিআলিলৈকে সম্প্রসাৰিত কৰিব লাগে৷ ইয়াৰ পিছত এই পথছোৱা ছিপাঝাৰ হৈ কুৰুৱা, ব্রহ্মপুত্র নৈৰ ওপৰত নির্মাণ হবলগীয়া নতুন দলঙেৰে নাৰেঙ্গী, সোণাপুৰলৈ আৰু ইয়াৰ পিছত খানাপাৰাৰ সৈতে সংযোগ কৰিব লাগে বুলিও তেওঁ কয়৷ ইয়াৰ ফলত ৰাজ্যখনত অর্থনৈতিক উন্নয়নৰ গতি আৰু অধিক তৰান্বিত হৈ উঠিব বুলিও তেওঁ মন্তব্য কৰে৷ এই ক্ষেত্রত যথোচিত পদক্ষেপ গ্রহণ কৰিবলৈ কেন্দ্রীয় মন্ত্রীগৰাকীক মুখ্যমন্ত্রীয়ে অনুৰোধ জনায়৷ কাজিৰঙা অসমৰ বাবে হূদপিণ্ড বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বানপানীৰ সময়ছোৱাত ৰাষ্ট্রীয় উদ্যানখনৰ বহু বন্যপ্রাণী ৰাষ্ট্রীয় ঘাইপথলৈ উঠি আহে আৰু দুর্ঘটনাত জীৱ–জন্তুৰ মৃত্যু পর্যন্ত হয়৷ সেয়ে বন্য জীৱ–জন্তুৰ চলাচলৰ সুবিধার্থে মুখ্যমন্ত্রীয়ে কাজিৰঙাত ৩২ কিঃমিঃ দৈর্ঘ্যৰ এটা এলিভেটেড কৰিডৰ নির্মাণ কৰিবলৈও কেন্দ্রীয় মন্ত্রীগৰাকীক অনুৰোধ জনায়৷ যোৰহাটৰ পৰা ডিব্রুগডলৈ ৰাষ্ট্রীয় ঘাইপথ ২০২৪ চনৰ জুন মাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে দিয়া আশ্বাসৰ কথা দোহাৰি তেওঁ কয় যে নগাঁৱৰ পৰা গহপুৰলৈ নির্মাণ হৈ থকা ৰাষ্ট্রীয় ঘাইপথটো অহা বর্ষৰ ফেব্রুৱাৰী মাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব৷ গোলাঘাটৰ নুমলীগডৰ পৰা গহপুৰলৈ ব্রহ্মপুত্রৰ তলেৰে নির্মাণ কৰিবলগীয়া সুৰংগৰ ব্যয় ১২ হাজাৰ কোটি টকা হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কেন্দ্রীয় মন্ত্রীগৰাকীক এই দিশতো যথোচিত পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়৷ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ থকা ৰাষ্ট্রীয় ঘাইপথটো ৪ লেনযুক্ত কৰাৰ বাবেও কেন্দ্রীয় মন্ত্রীগৰাকীক মুখ্যমন্ত্রীয়ে অনুৰোধ জনায়৷ অসম মালাৰ অধীনত ৰাজ্যখনত পথ নির্মাণৰ কাম অব্যাহত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কেন্দ্রীয় পুঁজিৰ অধীনত ৫০০ কোটি টকা আবণ্ঢন দিবলৈ কেন্দ্রীয় মন্ত্রীগৰাকীক অনুৰোধ জনায়৷ তেওঁ কয় যে কামাখ্যাৰ পৰা কামাখ্যা ৰেল ষ্টেচনলৈকে এটা ৰোপৱে নির্মাণ হলে জনসাধাৰণে বাধাহীনভাৱে অহা–যোৱা কৰিব পাৰিব৷ তেওঁ লগতে মন্তব্য কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসমৰ প্রতি আর্শীবাদ আছে আৰু ইয়াৰ বাবে অসম তথা উত্তৰ পূর্বাঞ্চলে উন্নয়নৰ ক্ষেত্রত বহুদূৰ আগুৱাই যাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে নতুনকৈ ১২ হাজাৰ পদত নিয়ুক্তিৰ বাবেও পদক্ষেপ লৈছে৷ অনুষ্ঠানত পথ পৰিবহন আৰু ঘাইপথ আৰু অসামৰিক বিমান পৰিবহন কেন্দ্রীয় ৰাজ্যিক মন্ত্রী জেনেৰেল ড০ বি কে সিং, অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্রী, সাংসদ, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া প্রমুখ্যে কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রণালয়ৰ শীর্ষ বিষয়া তথা অসম চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷