বাৰ্তা বুৰো, ৩১ অক্টোবৰঃ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত জনস্বাস্থ্যৰ প্ৰতি বৃহৎ ভাবুকিস্বৰূপ হৈ পৰা ভুৱা চিকিৎসক চক্ৰৰ বিৰুদ্ধে চলিত মাহটোত মৰিগাঁও আৰক্ষীয়ে চলাইছে ব্যাপক অভিযান। পূজাৰ দুদিন পূৰ্বে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত গৰৈমাৰী অঞ্চলৰ ঝাৰা মেডিকেল হল নামৰ ফাৰ্মাচী খনত অভিযান চলাই গ্ৰেপ্তাৰ কৰা ভুৱা চিকিৎসক নাজিৰুলসহ তিনি সহযোগিক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য।আজি অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জানিব দিয়া অনুসৰি ভুৱা চিকিৎসক নাজিৰুল আৰু আন অভিযুক্তকেইটাক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য যাৰ আধাৰত দুদিন পূৰ্বে আৰক্ষীয়ে উদ্ধাৰ কৰিছে ধৃত নাজীৰুলে প্ৰসৱ অস্ত্ৰোপচাৰ কৰা এগৰাকী নাবালিকা মাতৃক। উল্লেখ্য এই নাবালিকা মাতৃ গৰাকীক ভুৱা চিকিৎসক টোৱে অস্ত্ৰোপচাৰ কৰাৰ পিছত সন্তানতোৰ মৃত্যু হোৱা বুলি জানিব দিছিল। কিন্তু পৰৱৰ্তী সময়ত শিশুটি আন এক পক্ষক বিক্ৰী কৰি দিয়া হৈছিল। অৱশ্যে শেহতীয়াকৈ আৰক্ষীয়ে শিশুটি উদ্ধাৰ কৰা বুলি জানিব পাৰি আৰক্ষীয়ে যোগাযোগ কৰে। আৰক্ষীয়ে মাতৃ গৰাকীৰ শোচনীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও অসামৰিক চিকিৎসালয় ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে আৰু কেইবাটাও অনুৰূপ ঘটনাৰ অনুসন্ধান চলাই থকা বুলি প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।
প্ৰেৰক প্ৰাঞ্জল দাস