নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বিবাহ অনুষ্ঠানত শহুৰৰ গ্ৰন্থ উন্মোচন ন-কইনাৰ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : যোৱানিশা হোজাইত এখন ব্যতিক্ৰমী বিৱাহ অনুষ্ঠিত হৈ যায়। এই ব্যতিক্ৰমী বিৱাহ অনুষ্ঠানত এখন গ্ৰন্থ উন্মোচন কৰা হয়। এজন কবিৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত ন-বোৱাৰীয়ে গ্ৰন্থ উন্মোচন কৰে। অকল গ্ৰন্থ উন্মোচন কৰাই নহয় দৰা কইনাই নিজে উপহাৰ লোৱাৰ পৰিবৰ্তে অতিথিসকলক প্ৰদান কৰিলে একোখনকৈ কিতাপ। হোজাই জিলাৰ কাৰ্বি আংলংৰ সীমান্তৱৰ্তী বৰহাওৰত অনুষ্ঠিত এক বিবাহত এই ব্যতিক্ৰম দৃশ্য দেখা গল। হোজাই  নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত স্নাতকোত্তৰ শিক্ষক তথা বিশিষ্ট কবি সাহিত্যিক মোস্তাফা আহমেদৰ ১৫সংখ্যক কাব্যগ্ৰন্থ “ক্ষুৰধাৰ” নিজ পুত্ৰ  তথা নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ মবৰুৰ আহমেদৰ বিবাহৰ অভ্যৰ্থনাস্থলীত এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ন-বোৱাৰী তথা ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ জেছমিন আহমেদে। সাম্প্ৰতিক সময়ত ৰাজ্য তথা দেশত চলি থকা অন্যায়, অসমতাক ব্যংগাত্মক ৰূপত  কবিতা পুথিৰ মাজেৰে উপস্থাপন কৰা হৈছে। এতিয়া এই গ্ৰন্থখন আৰু বিবাহ খনকলৈ সৰ্বত্ৰে চৰ্চা চলিছে।
প্ৰেৰক কিশলয় দেৱগোস্বামী
You might also like