নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তৰ্ৱৰ্তীকালীন জামিনেৰে মুকলি আকাশৰ তললৈ চন্দ্ৰবাবু নাইডু

বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ দক্ষতা বিকাশ কেলেংকাৰিৰ গোচৰত আজি উচ্চ ন্যায়ালয়ৰ পৰা অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে অন্তৱৰ্তীকালীন জামিন লাভ কৰে। জেলৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ ক’লে, “এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰো।” নাইডুক আদৰণি জনাবলৈ জেলৰ বাহিৰত সমৰ্থকসকলে সমৱেত হয়। নাতি নৰা দেৱানো দাদাক লগ কৰিবলৈ আহিছিল। ৰাজহমুন্দ্ৰী জেলৰ পৰা ওলাই অহাৰ লগে লগে নাইডুৱে নাতিক সাৱটি ধৰে। স্বাস্থ্যজনিত কাৰণত তেলুগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক অন্তৱৰ্তীকালীন জামিনদিয়ে। কালি তেওঁৰ জামিন আবেদন সন্দৰ্ভত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল। আজি অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে নাইডুক ২৮ নৱেম্বৰলৈকে চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে নাইডুক ২৮ নৱেম্বৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি উচ্চ ন্যায়ালয়ে নাইডুক চিকিৎসালয়ত চিকিৎসাৰ বাহিৰে আন কোনো কামত জড়িত নহ’বলৈ নিৰ্দেশ দিছে। আদালতে তেওঁক ফোনত কথা নাপাতিবলৈ আৰু কোনো ৰাজনৈতিক কার্যসূচীত অংশগ্রহণ নকৰিবলৈ বা সংবাদ মাধ্যমৰ সৈতে কথা নাপাতিবলৈও নির্দেশ দিছে৷ যোৱা ৯ ছেপ্টেম্বৰত নাইডুক গ্ৰেপ্তাৰ কৰা হৈছিল। ৫৩ দিন জেলত আছিল। ১০ নৱেম্বৰত তেওঁৰ মূল জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

You might also like