নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত একেদিনাই ২১ আৰক্ষী বিষয়াক ৰদবদল

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ অসম আৰক্ষীত সংস্কাৰ সাধনৰ বিষয়টোৱে চৰ্চা লাভ কৰাৰ সময়তে শেহতীয়াকৈ নলবাৰীত আৰক্ষীৰ বৃহৎ ৰদ-বদল কৰা বিষয়টোৱে আন এক ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে নলবাৰীত যোৱা জুন মাহৰ প্ৰথম সপ্তাহত একেদিনাই ৪৭ জনকৈ আৰক্ষী কনিষ্টবলক ৰদ-বদল কৰাৰ পিছত শেহতীয়াকৈ কালি আন এক নিৰ্দ্দশযোগে ২১ গৰাকীকৈ আৰক্ষী পৰিদৰ্শক, উপ পৰিদৰ্শক, সহকাৰী উপ পৰিদৰ্শক বিষয়াক ৰদ-বদল কৰে। সেই অনুসৰি,ভাঙনামাৰীৰ অতিৰিক্ত চক্ৰ পৰিদৰ্শক মদন ডেকা(পৰিদৰ্শক)ক ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি কৰাৰ বিপৰীতে ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ কুমাৰ বৰাক ভাঙনামাৰীৰ অতিৰিক্ত চক্ৰ পৰিদৰ্শক হিচাপে বদলি কৰে। সেইদৰে ঘগ্ৰাপাৰ থানাৰ এছ আই বিশাল কাশ্যপক দৌলাশাল উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে,বেলশৰ থানাৰ এছ আই ৰুমী ঠাকুৰীয়াক শোলমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে,নলবাৰী থানাৰ এছ আই অনন্ত চেতীয়াক ধমধমা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে,নলবাৰী থানাৰ এছ আই মধুস্মিতা বৰাক কমাৰকুছি উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে,টিহু থানাৰ এছ আই মানস প্ৰতীম নাথক চামতা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি কৰে চামতা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই মৃত্যুঞ্জয় দাসক বেলশৰ থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া হিচাপে,বেলশৰ থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া এছ আই লিটুমণি শৰ্মাক ঘগ্ৰাপাৰ থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া হিচাপে,ধমধমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই লোহিত চন্দ্ৰ চেতীয়াক টিহু থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া হিচাপে,নলবাৰী ক’ৰ্টৰ পি এছ আই হিচাপে কৰ্মৰত এছ আই মুকুন্দ দাসক কাচিমপুৰ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে, কমাৰকুছি উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই তাৰিণীকান্ত বড়োক বৰী তাপা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে,মুকালমুৱা থানাৰ যান বাহন শাখাৰ এছ আই লাচিত লহকৰক ভাঙনামাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে, দৌলাশাল উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই চন্দন ডেকাক শিয়ালমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে, শিয়ালমাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই ৰাহুল উল্লাহক টিহু থানাত নিযুক্তি দিয়ে।সেইদৰে, ভাঙনামাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই দিবাকৰ কলিতাক ঘগ্ৰাপাৰ থানাত নিযুক্তি দিয়ে।নলবাৰী থানাৰ চিৰষ্টাদাৰ এ এছ আই জয়দেৱ বৰ্মনক কমাৰকুছি উপ আৰক্ষী চকী,কমাৰকুছিৰ এ এছ আই জাকিৰ হুছেইনক নলবাৰী থানাৰ চিৰষ্টাদাৰ হিচাপে নিযুক্তি দিয়ে।নলবাৰী আৰক্ষী চাউনীত কৰ্মৰত এ এছ আই ৰঞ্জিত সিঙক নলবাৰী ক’ৰ্টলৈ বদলি, নলবাৰী থানাৰ এছ আই ত্ৰিদিপ কুমাৰ বৰাক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আৰু চামতা উপ আৰক্ষী চকীৰ এ এছ আই ৱাজুদ্দিন আহমেদক আৰক্ষী চাউনীত ক্লোজ কৰিছে। উল্লেখ্যে যোৱা কালি এক নিৰ্দ্দেশ যোগে নলবাৰীৰ আৰক্ষী অধীক্ষকে এই সকল আৰক্ষীক ৰদ বদলৰ নিৰ্দ্দেশ দিছে।মনকৰিৱ লগা যে জিলাখনৰ পূৰ্বৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এক নিৰ্দেশ যোগে একেৰাহে তিনি বছৰৰো অধিক কাল একেখন আৰক্ষী থানাত নিয়োজিত হৈ থকা আৰক্ষী কনিষ্টবল সকলক অন্য থানালৈ বদলি কৰে। উল্লেখ্য যে একেখন থানাত বছৰ বছৰ ধৰি আৰক্ষী কনিষ্টবল কিম্বা আৰক্ষী বিষয়াই নিয়োজিত হৈ থকাৰ ফলত একাংশই গুৰু গোঁসাই নমনা হৈ পৰে।এনে আৰক্ষীক বদলি কিম্বা ৰদ-বদল কৰাৰ দাবী দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে জিলাখনৰ বিভিন্ন মহলত। বিশেষকৈ জিলাখনৰ একাংশ বিতৰ্কিত আৰক্ষী বিষয়াৰ কাম-কাজকলৈ ক্ষুদ্ধ হৈ আছে সাধাৰণ জনতা। এনে পৰিস্থিতিত দীৰ্ঘকাল ধৰি একেখন থানা কিম্বা আৰক্ষী চকীত নিয়োজিত হৈ থকা আৰক্ষীৰ সহ উপ পৰিদৰ্শক কিম্বা উপ পৰিদৰ্শক সকলকো অন্য জিলালৈ বদলি কৰিব লাগে বুলিও বিভিন্ন মহলত চৰ্চিত হৈ আছে।আৰক্ষী কনিষ্টবলক ৰদ-বদল কৰাৰ পিছত একাংশ বিতৰ্কিত বিষয়াকো ৰদ-বদল নকৰাত ৰাইজৰ মাজত সৃষ্টি কৰে প্ৰতিক্ৰিয়াৰ।লক্ষণীয়ভাবে দীৰ্ঘকালৰ বাবে একেখন থানাত নিয়োজিত হৈ থকা একাংশ আৰক্ষী বিষয়াই মধ্যভোগী দালাল চক্ৰৰ সৈতে সম্পৰ্ক গঢ়ি তুলি নিশাটোৰ ভিতৰতে হৈ পৰে সম্পত্তিশালী। নলবাৰী জিলাতো পূৰ্বৰে পৰা এটা চক্ৰই আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াৰে মধুৰ সম্পৰ্ক গঢ়ি তুলি অপৰাধী চক্ৰৰ যি কোনো গোচৰ মোকাবিলা কৰি দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধনৰ লেন-দেন চলাই আহিছে। বিশেষকৈ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন ৰখাই যাৱতীয় তথ্য পাতি নিৰীক্ষণ কৰাৰ নামত আৰক্ষীয়ে পূৰ্বৰে পৰা এটা প্ৰভাৱশালী চক্ৰৰ লগলাগি কেতবোৰ কাণ্ড সংঘটিত কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। জিলা আৰক্ষী অধীক্ষকক অন্ধকাৰত ৰাখি এনে অসাধু চক্ৰই আনকি অপৰাধজনিত ঘটনাৰ ‘কেছ ডায়েৰী’ পৰ্যন্ত শিথিল কৰি দিয়াৰ অজুহাততো অপৰাধৰ লগত জড়িত ব্যক্তিৰ পৰা কৌশলেৰে লক্ষ লক্ষ টকা জেপত ভৰোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।অৱশ্যে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই গোপনে অনুসন্ধান চলালে এনে ভয়ানক কাণ্ড উন্মোচন হোৱাৰ সম্ভাৱনা থকা বুলিও ভু-ৰখা মহলে মন্তব্য কৰিছে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like