নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীত আৰম্ভ ষষ্ঠদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলা

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : গ্ৰন্থমেলা এখন জীয়াই ৰখাটো আমাৰ সামাজিক দায়িত্ব। এখন গ্ৰন্থমেলা দীৰ্ঘকালৰ বাবে জীয়াই ৰখাৰ বাবে সামাজিক সচেতন তথা দায়িত্ব বোধ থকা লোকে এক সংগ্ৰামৰ বাটেৰে বাট বুলিব লাগিব। সৰ্থেবাৰীত আজিৰে পৰা আৰম্ভ হোৱা ষষ্ঠদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰি এই মন্তব্য কৰে বিশিষ্ট চিন্তাবিদ তথা কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীনেশ বৈশ্যই। তেওঁ লগতে কয় যে আগৰ গ্ৰন্থমেলা আৰু এতিয়াৰ গ্ৰন্থমেলাৰ মাজত বহুত পাৰ্থক্য আছে বুলি কোৱাৰ লগতে নৱ প্ৰজন্মক গ্ৰন্থৰ লগত চিনাকি কৰি দিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে।একেদৰে আজিৰ বহুতেই উপযুক্ত গ্ৰন্থ নিৰ্বাচন কৰিব নোৱাৰে যাৰ ফলত কোনখন গ্ৰন্থ অধ্যয়ণ কৰিব লাগিব সেইটো নিৰ্বাচন কৰিব নোৱাৰে।এখন উপযুক্ত গ্ৰন্থ নিৰ্বাচন কৰি অধ্যয়ণ কৰিব পাৰিলেহে প্ৰকৃত ফল লাভ হৱ বুলিও মন্তব্য কৰে ডঃ দীনেশ বৈশ্যই।একেদৰে মোবাইলৰ সলনি গ্ৰন্থত অধিক সময় মনোনিবেশ কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে শিক্ষাবিদ দীনেশ বৈশ্যই।ইপিনে সংস্কৃতি ৰক্ষাৰ নামত আজিকালি একাংশ লোকে সুৰাসেৱন কৰি এক উশৃংখল পৰিবেশৰ সৃষ্টি কৰি সামাজিক পৰিবেশ বিনষ্ট কৰা বুলিও মন্তব্য প্ৰকাশ কৰে একালৰ অভিনেতা তথা নাট্যকাৰ দীনেশ বৈশ্যই।উল্লেখ্য যে আজি পুৱা গ্ৰন্থ মেলা উপলক্ষ্যত মুখ্য পতাকা উত্তোলন কৰে ষষ্ঠদশ গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি পৰাগ ডেকাই। সমান্তৰালকৈ গ্ৰন্থমেলাৰ বাকৰিত ষষ্ঠদশ বৰ্ষৰ লগত সংগতি ৰাখি নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ দ্বাৰা ষোল্লখন পতাকা উত্তোলন কৰা হয়।পুৱা বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ দাস আৰু চেঙা শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া লীলাধৰ দাসে গছপুলি ৰোপন কাৰ্যসুচী মুকলি কৰাৰ পিছতেই বহুকেইগৰাকী নিমন্ত্ৰিত ব্যক্তিৰ দ্বাৰাই গছপুলি ৰোপন কৰা হয়।পুৱা বজাত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জীতেন বৰ্মনে শ্বহীদ তৰ্পন কাৰ্যসুচী মুকলি কৰে।পুৱা দহবজাত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। আজি প্ৰথমদিনাই গ্ৰন্থমেলাৰ বাকৰিত তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়।বৰক্ষেত্ৰী জুনিয়ৰ মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা সাবিত্ৰী ডেকা ভূঞাৰ প্ৰবন্ধ সংকলন “সফলতাৰ দিকদৰ্শন” গ্ৰন্থ উন্মোচন কৰে বৰক্ষেত্ৰী জুনিয়ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মইনুল হকে।পাঠশালাৰ প্ৰদীপ শৰ্মাৰ ৰচিত উপন্যাস “এটা কাহিনীৰ সন্ধানত” গ্ৰন্থ খন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকাই। আনহাতে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৰণিকা “আমি” উন্মোচন কৰে লেখক তথা কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীনেশ বৈশ্যই।দুপৰীয়া কৃতী শিক্ষক প্ৰয়াত পিতাম্বৰ চৌধুৰী সোঁৱৰণি সদৌ অসম ভিক্টৰ চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।দুই বজাৰ পৰা মহিলাৰ দলীয় দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।সন্ধিয়া ৬ বজাত সমগ্ৰ অঞ্চলটোৰ এগৰাকী শ্ৰদ্ধেয় ব্যক্তি তথা শিক্ষাবিদ প্ৰয়াত ডঃ দক্ষেশ্বৰ ডেকা শাস্ত্ৰীৰ সোঁৱৰণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।সন্ধিয়া ৭ বজাত গ্ৰন্থমেলাৰ বাকৰিত থকা মঞ্চত অসমীয়া আধুনিক গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে প্ৰথম দিনতেই গ্ৰন্থৰ বিঘ্নিত যথেষ্ট সংখ্যক পঢ়ুৱৈৰ লগতে ক্ৰেতা ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়।গ্ৰন্থমেলাৰ আটাইকেইটা দিনতেই ৰাইজৰ পুৰ্ণ সহায় সহযোগিতা কামনা কৰে ভিক্তৰ গ্ৰুপে।

প্ৰেৰক নকুল তালুকদাৰ

You might also like