নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধীকৰণ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ হাহিম খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকোৰ হাহিম অঞ্চলত বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ বৃহৎ জাক এটাই দিনে নিশাই চলাইছে উপদ্ৰৱ। বিগত সময়চোৱাত বনৰীয়া হাতীয়ে বকোৰ হাহিমৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি বহুতৰে ঘৰ দুৱাৰৰ ক্ষতি কৰাৰ লগতে হাতীৰ গচকত ইতিমধ্যে বহুতে মৃত্যুক সাৱতি লৱ লগা হৈছে। ইয়াৰ পিছত এনেদৰে কেতিয়াবা নিশা বা কেতিয়াবা দিনৰ ভাগত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক ওলাই অহা পৰিলক্ষিত হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বুধবাৰে নিশাৰে পৰা হাহিম অঞ্চলৰ এখন কল বাগানত খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৪০ জনীয়া এটা বনৰীয়া হাতীৰ বৃহৎ জাকে আহি কল বাগানত সোমাই বিস্তৰ ক্ষতিসাধন কৰে।বনৰীয়া হাতীৰ জাকটোক নিশাই কল বাগানৰ পৰা খেদি পঠিয়াবলৈ হাহিম খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত হাহিম খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ উপ বনাঞ্চলিক বিষয়া চবিন দাসৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে স্থানীয় ৰাইজৰ সহযোগত বনাঞ্চললৈ হাতীৰ জাকটো খেদি পঠোৱাৰ বাবে চেষ্টা চলোৱাৰ পিছত পুৱতি নিশা হাতীৰ জাকটোক যুগদোবা বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হয়।উল্লেখ্য যে হাতীৰ জাকটো খেদি পঠোৱাৰ কিছুসময় পিছতে ৰাতিপুৱাৰ ভাগত বনৰীয়া হাতীৰ জাকটো পুনৰ হাহিমৰ কল বাগান খনত প্ৰৱেশ কৰি পুনৰ কল বাগান খনৰ লগতে ওচৰৰ ধাননী পথাৰ গচকি কলখেতিৰ লগতে ধাননী পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰে।খবৰ অনুসৰি প্ৰায় ৪০ জনীয়া বনৰীয়া হাতীৰ জাকটো বৰ্তমানেও হাহিমৰ কল বাগান খনৰ সমীপতে আছে বুলি জানিব পৰা গৈছে।বনৰীয়া হাতীৰ দিনে নিশাই চলা এনে উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ স্থানীয় ৰাইজে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধীকৰণ বিষয়া ডিম্পী বৰাক বাৰম্বাৰ ব্যৱস্থা গ্ৰহনৰ বাবে অনুৰোধ জনোৱাৰ পিছত ও কোনো ব্যৱস্থা নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
প্ৰেৰক প্ৰীতম বায়ন