নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪খন আসনৰ এখনকৈ মিত্ৰ দল অগপ আৰু ইউপিপিএলক এৰি দিয়াৰ বিষয়টো নিশ্চিত হোৱাৰ পিছত বিজেপি মিত্ৰজোঁটে ধুবুৰী লোকসভা সমষ্টিত কোন দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেয়া লৈ আৰম্ভ হোৱা পোৱা গৈছে ব্যাপক গুণাগথা। অৱশ্যে প্ৰাৰ্থীত্ব প্ৰদানৰ বিষয়টো লৈ বৰ্তমানলৈ বিজেপি অথবা মিত্ৰজোঁটৰ অগপ দলে আনুষ্ঠানিক ভাবে একো নজনালেও বিগত কেইবা মাহৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ চুকে-কোণে আৰম্ভ হোৱা দেখা গৈছে বিজেপিৰ ব্যাপক সাংগঠনিক তৎপৰতা। তাৰেই পৰিপ্ৰেক্ষিতত ২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত মিত্ৰজোঁটৰ হৈ বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাবনাই অধিক বুলিয়েই কিন্তু মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশই। ইপিনে লোকসভা নিৰ্বাচনত ধুবুৰীত বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী ৰূপে দলটোৰ স্থানীয় ২/৩ গৰাকী নেতাৰ নাম উঠি আহিলেও দলটোৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী নেতাকে ধৰি মন্ত্ৰীয়ে স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত ২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰীৰ আসনখনত বিৰোধী দলৰ প্ৰাৰ্থীক মিত্ৰজোঁটে তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি সময়ে সময়ে দাৱী কৰাও পোৱা গৈছে। ফলত স্বাভাবিক ভাবেই বিজেপি মিত্ৰজোঁটে যে এইবাৰ ধুবুৰী লোকসভা সমষ্টিত এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তাৰেই স্পষ্ট ইংগিত বহন কৰা বুলি আঙুলিয়াই দিছে ৰাজনৈতিক বিশ্লেষক সকলে। ইয়াতে উল্লেখনীয় এয়াও যে, বিগত প্ৰায় এবছৰৰ অধিক সময়ৰ পৰা ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনতেই বিজেপিৰ কেইবাটাও সাংগঠনিক কাৰ্যসূচীত আগভাগ লোৱাৰ উপৰিও অন্যান্য বিভিন্ন কাৰ্যসূচীতো সক্ৰিয়তাৰে অংশ লোৱা দেখা গৈছে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাক। বিগত ১৬ অক্টোবৰৰ দিনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমগৰাকী বিজেপি বিধায়ক তথা ধুবুৰীৰ প্ৰাক্তন বিধায়ক ধ্ৰুৱ সেনক তেখেতৰ ধুবুৰীস্থিত বাসভৱনত সাক্ষাৎ কৰি আশীৰ্বাদ লোৱাৰ ঘটনা বিশেষ ইংগিতবাহী বুলিও মত একাংশ স্থানীয় বিশ্লেষকৰ। এইবোৰৰ পৰিপ্ৰেক্ষিতত ২৪ৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে পৱিত্ৰ মাৰ্ঘেৰিটাকেই প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিব নেকি বুলি চৰ্চিত হোৱা পোৱা গৈছে ধুবুৰীৰ ৰাজনৈতিক মহলত। অৱশ্যে দিঠকত গৈ ধুবুৰী লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কোন হ’ব সেয়া সময়তেই স্পষ্ট হ’ব।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী