নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ শেনছোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ নগাঁও চহৰৰ সমীপৰ শেনছোৱাত পুৰণি ৩৭নং ৰাষ্ট্ৰীয় পথত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বেবেজীয়া দিশৰ পৰা নগাঁও চহৰ অভিমূখে আহি থকা এখন দ্ৰুতবেগী ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা অহা এখন আই ২০ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এ এছ ০২ ই – ৯৯৯২ নম্বৰৰ ট্ৰাকখনৰ লগত এ এছ ০১ডি এম ৭৫৫৮ নম্বৰৰ আই ২০ বাহনখনৰ মুখামুখি সংঘৰ্ষ হয়। আই ২০ বাহনখনৰ সন্মুখ ভাগৰ কিছু অংশ ট্ৰাকখনত সোমাই যায়। অৱশ্যে দুয়োখন বাহনৰ চালক আৰু আৰোহী সৌভাগ্যক্ৰমে কথমপি ৰক্ষা পৰে। পিছত যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদাৰক কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like