নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকেয়া ভাৰা আদায় নিদিয়া ধুবুৰী চহৰৰ দোকান ছীল পৌৰসভাৰ

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ দীৰ্ঘদিনৰ পৰা বকেয়া ভাৰা আদায় নিদিয়া বাবে আজি ধুবুৰী পৌৰসভাই চহৰখনৰ তিনিটাকৈ দোকান ঘৰ ছীল কৰা বুলি জানিব পৰা গৈছে। পৌৰসভাৰ কাৰ্যকৰী বিষয়া মাছি তপ্নৰ নেতৃত্বত চলিছিল আজিৰ সেই অভিযান। ইয়াতে উল্লেখনীয় এয়াও যে, দীৰ্ঘদিনৰ পৰাই চহৰখনৰ কেইবাটাও ব্যস্ততম ৰাজপথৰ দাঁতিত নিয়ম বহিৰ্ভূত ভাবে একাংশ টেম্প আৰু ই-ৰিক্সা চালকে আস্থান ৰূপে ব্যৱহাৰ কৰি থকাৰ ফলত সেই অঞ্চল কেইটাত তীব্ৰ যানযোঁট সৃষ্টি হোৱাটো এক স্বাভাৱিক পৰিঘটনাৰ পৰিণত হৈছে। ফলত স্বাভাৱিক ভাবেই অবৈধ সেই আস্থান কেইটা উৎখাত কৰিবলৈ পৌৰসভাৰ কৰ্তৃপক্ষই পদক্ষেপ ল’ব নে বুলিও কিন্তু প্ৰশ্ন উচ্চাৰিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like