বিদ্যুৎ মাচুল বৃদ্ধিৰ কুচকাৱাজঃ প্রতি ইউনিটত ১.৬০ টকা বৃদ্ধিৰ প্রস্তাৱ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধাই পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ কুচকাৱাজ চলাইছে বিদ্যুৎ নিয়ামক আয়োগে৷ ৰাজ্যৰ শক্তিখণ্ডই ভোগ কৰি অহা বৃহৎ লোকচানৰ পৰিপ্রেক্ষিতত বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত মাচুল বৃদ্ধিৰ বাবে প্রস্তাৱ দাখিল কৰে৷ সেই প্রস্তাৱ সম্পর্কত বুধবাৰে আয়োগে ৰাজহুৱা শুনানি গ্রহণ কৰে৷ এল টি গ্রুপত ৫ কিলোৱাটৰ পৰা ২৫ কিলোৱাট বিদ্যুৎ ব্যৱহাৰ কৰা, ঘৰুৱা গ্রাহকৰ ক্ষেত্রত প্রতি ইউনিট বিদ্যুৎ মাচুল ১.৬৫ টকালৈ বৃদ্ধিৰ প্রস্তাৱ ৰখা হৈছে৷ ইয়াৰ ফলত সম্প্রতি প্রতি ইউনিটত ৭.২৫ টকা বিদ্যুৎ মাচুল আদায় দিয়া গ্রাহকে সেই প্রস্তাৱ কার্যকৰী হ’লে প্রতি ইউনিটত ৮.৮৫ টকাকৈ মাচুল আদায় দিব লাগিব৷
সেইদৰে এল টি গ্রুপত ৫ কিলোৱাটৰ পৰা ২৫ কিলোৱাট বিদ্যুৎ ব্যৱহাৰ কৰা ব্যৱসায়িক গ্রাহকৰ ক্ষেত্রত প্রতি ইউনিট বিদ্যুৎ মাচুল ১.৮৫ টকালৈ বৃদ্ধিৰ প্রস্তাৱ ৰখা হৈছে৷ ইয়াৰ ফলত সম্প্রতি প্রতি ইউনিটত ৭.৫০ টকা বিদ্যুৎ মাচুল আদায় দিয়া গ্রাহকে সেই প্রস্তাৱ কার্যকৰী হ’লে প্রতি ইউনিটত ৯.৩৫ টকাকৈ আদায় দিব লাগিব৷ এন টি আৰ এইচ টি গ্রুপৰ অন্যান্য শাখাতো বিদ্যুৎ মাচুলৰ প্রস্তাৱ ৰখা হৈছে৷ অৱশ্যে অসমৰ সর্বসাধাৰণ গ্রাহকে স্বাভাৱিকতে ৫ কিলোৱাটৰ পৰা ২৫ কিলোৱাট বিদ্যুৎ যিহেতু ব্যৱহাৰ কৰে, এই পর্যায়ত মাচুল বৃদ্ধিৰ প্রস্তাৱে জনসাধাৰণক জুৰুলা কৰাটো অৱধাৰিত৷ নিয়ামক আয়োগৰ অনুষ্ঠিত শুনানিত কনজুমাৰ লীগেল প্রটেকচন ফ’ৰামে মাচুল বৃদ্ধিৰ প্রস্তাৱৰ তীব্র বিৰোধিতা কৰি কয় যে প্রতিবছৰে শক্তি খণ্ডই লোকচানৰ দোহাই দি বিদ্যুৎ মাচুল বৃদ্ধিৰ প্রস্তাৱ দি আহিছে৷ কিন্তু তেওঁলোকে লোকচান পূৰণৰ বাবে বন্ধ হৈ থকা প্রকল্পসমূহ পুনৰ উৎপাদনক্ষম কৰাৰ লগতে আন কোনো পদক্ষেপ গ্রহণ কৰা দেখা নাযায়৷ কেৱল প্রতিবছৰে গ্রাহকৰ মূৰত বোজা জাপি দি বিদ্যুৎ মাচুল বৃদ্ধিৰহে প্রস্তাৱ দি আহিছে৷ সেয়ে তেওঁলোকে এই প্রস্তাৱৰ বিৰোধিতা কৰে৷ শুনানিত এবিটা, ফাইনাৰ, আসাম টী প্লেণ্টাৰ এছ’চিয়েচন, অল ইণ্ডিয়া মেনুফেকচাৰিং অর্গেনাইজেচনৰ প্রতিনিধিয়েও অংশগ্রহণ কৰে৷