নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ মাজতে ইংৰাজ ক্রিকেটাৰৰ হাতত ‘ইনহেলাৰ’

🔹 ভাৰতৰ প্রদূষণক লৈ চিন্তিত ইংলেণ্ড বাহিনী

বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : উৎসৱৰ মাজতে ভাৰতৰ বিভিন্ন চহৰত পূর্ণগতিত চলি আছে বিশ্বকাপৰ মেচ৷ ইতিমধ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে দিল্লী আৰু মুম্বাইত বায়ু প্রদূষণৰ বাবে আতচবাজী প্রদর্শন বন্ধ কৰি দিছে৷ ইয়াৰ মাজতে ভাৰতৰ এই বায়ু প্রদূষণক লৈ চিন্তিত হৈ পৰিছে ইংৰাজ ক্রিকেটাৰ৷ ইংলেণ্ড দলটোৰ ক্রিকেটাৰসকলে প্রদূষণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰিছে ইনহেলাৰ ৷ ব্রিটেইনৰ এক সংবাদ মাধ্যমত এই কথা সদৰী কৰা হৈছে ৷ সাধাৰণতে হাঁপানী ৰোগীক চিকিৎসাজনিত কাৰণত ইনহেলাৰ ব্যৱহাৰ কৰিবলৈ পৰামর্শ দিয়া হয়৷ কিন্তু ভাৰতৰ প্রদূষণৰ পৰা হাত সাৰিবলৈ ক্রিকেটাৰসকলেও ইয়াৰ সহায় লৈছে৷ ইংলেণ্ড আৰু শ্রীলংকাৰ মাজৰ মেচখনৰ পূর্বে ইংলেণ্ড দলটোৰ তাৰকা অলৰাউণ্ডাৰ বেনছ ষ্ট’কছে ইনহেলাৰ লোৱা দেখা গৈছিল৷ খবৰ অনুসৰি, দলটোৰ আন বহু খেলুৱৈয়ে ইয়াক ব্যৱহাৰ কৰিছে৷ দিল্লীৰ প্রদূষণৰ মাত্রা এতিয়া ৪০০ অতিক্রম কৰিছে, যিটো অতি জটিল৷ উল্লেখ্য যে চলিত বিশ্বকাপত হতাশজনক প্রদর্শন আগবঢ়োৱা ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে আজি আহমেদাবাদত অষ্ট্রেলিয়াৰ বিপক্ষে মুখামুখি হ’ব৷

You might also like