নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ মালিগাঁৱত ভূমিস্খলন : ধ্বংসস্তূপত পোত গৈ গুৰুতৰভাৱে আহত ৪জন

ডিজিটেল ডেস্ক, ২০ জুলাই: ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলৰ মাধৱদেৱ নগৰত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। পাহাৰৰ এক বৃহৎ অংশ খহি পৰাৰ ফলত এটা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। চকুৰ পচাৰতে সমগ্ৰ বাসগৃহটো ধ্বংসস্তূপত পৰিণত হয় আৰু এই ধ্বংসস্তূপৰ তলত একে পৰিয়ালৰ ৪গৰাকী লোক পোত যায়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে প্ৰাথমিক উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকা চাৰিওগৰাকী লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আহত চাৰিওজন লোকৰ অৱস্থা অত্যন্ত সংকটজনক। সম্প্ৰতি তেওঁলোকক  সঘন নিৰীক্ষণত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে।

এই আকস্মিক ভূমিস্খলনৰ ঘটনাই মালিগাঁৱৰ মাধৱদেৱ নগৰ অঞ্চলত এক চৰম আতংকৰ সৃষ্টি কৰিছে। ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ বাবে প্ৰশাসনে পাহাৰীয়া আৰু সংবেদনশীল অঞ্চলত বসবাস কৰা লোকসকলক বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

You might also like