নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমাৰ ভাস্কৰ বৰ্মা দলঙত জন্মদিন উদযাপন, দম্পতী গ্ৰেপ্তাৰ

কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী ৰখাই জন্মদিন উদযাপন কৰাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে এল. অজয়বী শৰ্মা আৰু তেওঁৰ পত্নী নিৰ্মলা দেৱীক গ্ৰেপ্তাৰ কৰিছে।

ভৰলুমুখ আৰক্ষীয়ে জনোৱা অনুসৰি, গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলঙৰ ওপৰত দম্পতীটোৱে জন্মদিন উদযাপন কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰে।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে দম্পতীটোৱে দলঙৰ ওপৰত নিজৰ গাড়ী ৰখাই গাড়ীৰ ব’নেটৰ ওপৰত কেক কাটি জন্মদিন উদযাপন কৰিছিল।

এই ঘটনা ১৬ জুলাইত সংঘটিত হৈছিল যদিও ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দম্পতীটোকক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২৩ জুনত উত্তৰ গুৱাহাটীৰ এজন ব্যৱসায়ী গৌতম বৰুৱা, তেওঁৰ পত্নী আৰু আন কমেও ১২জনক একেধৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

সেই ঘটনাত গৌতম বৰুৱাই বন্ধু-বান্ধৱীৰ সৈতে দলঙৰ ওপৰত গাড়ী ৰখাই পথৰ এটা অংশ অৱৰোধ কৰি ৰঙা কাৰ্পেট পাৰি পত্নীৰ জন্মদিন উদযাপন কৰিছিল। দলঙৰ ওপৰতে কেক কটাৰ সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এই ধৰণৰ কাৰ্যকলাপে সাধাৰণ যাতায়াতত বিঘিনি ঘটোৱাৰ লগতে আন লোককো একেধৰণৰ বিপজ্জনক কাম কৰিবলৈ উৎসাহিত কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছিল বহু লোকে।

প্ৰথম ঘটনাৰ পিছতে প্ৰশাসনে কুমাৰ ভাস্কৰ বৰ্মা দলঙত জন্মদিন বা যিকোনো ধৰণৰ উদযাপন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে। লগতে সেতুৰ ওপৰত গাড়ী ৰখোৱা, থমকাই ৰখোৱা, ফটো বা ভিডিঅ’গ্ৰাফী কৰা, অতিৰিক্ত গতিত গাড়ী চলোৱা আৰু বেপৰোৱা ড্ৰাইভিঙৰ ওপৰতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হয়।

ডিজিটেল ডেস্ক, ২০ জুলাই

You might also like