বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংগচুক আজি কাজিৰঙালৈ যাব। দুপৰীয়া কঁহৰাস্থিত ৰিজৰ্টত উপস্থিত হ’ব ভূটানৰ পৰা অহা অতিথিসকল। ৰিজৰ্টখনত কিছু সময় বিশ্ৰাম লোৱাৰ পিছত কাজিৰঙাত জীপ ছাফাৰী কৰিব ভূটানৰ ৰজাসহ তেওঁৰ লগত অহা ব্যক্তিসকলে। জীপ ছাফাৰী কৰি কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব ভূটানৰ ৰজাই। জীপ ছাফাৰী কৰাৰ পিছত সন্ধিয়া এক সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভূটানৰ ৰজাসহ ৰাজদৰবাৰৰ সদস্যসকলে। প্ৰায় ৩০খন জিপছী সাজু কৰি ৰখা হৈছে ভূটানৰ ৰাজদৰবাৰৰ অতিথিৰ বাবে। তদুপৰি দেওবাৰে পুৱা হাতী ছাফাৰী কৰি যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মাৰিব ভূটানৰ ৰজা। কাজিৰঙালৈ ভূটানৰ ৰজাগৰাকীৰ আগমনক লৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।