নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওপজা দিনত ‘ভগৱান’ক স্পর্শ বিৰাটৰ

🔹 এদিনীয়া ক্রিকেটত ৪৯সংখ্যক শতৰান

বিশেষ বাৰ্তা, ৬ নৱেম্বৰ : নিজৰ জন্মদিনতে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ বিশ্ব অভিলেখ স্পর্শ কৰিলে বিৰাট কোহলিয়ে৷ ক্রিকেটৰ নন্দন কাননৰূপে পৰিচিত ইডেন গার্ডেনত উপস্থিত থকা হেজাৰ হেজাৰ দর্শক সাক্ষী হৈ ৰ’ল এই বিৰল মুহূর্তৰ৷ চলিত বিশ্বকাপৰ কালি দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে কোহলিয়ে সম্পূর্ণ কৰিলে এদিনীয়া ক্রিকেটত ৪৯সংখ্যক শতৰান৷ দলৰ শীর্ষক্রমৰ বেটাৰ ৰোহিত শর্মাৰ বিদায়ৰ পিছত দায়িত্ব কান্ধ পাতি লোৱা কোহলিয়ে তেওঁৰ অনবদ্য শতৰান পূর্ণ কৰে ১১৯টা বলত৷ তেওঁ ১০টা চাৰিৰ সহায়ত এই মহাকাব্যিক ইনিংছটো উপহাৰ দিয়ে৷ শেষপর্যন্ত ১২১টা বলত ১০১ ৰান কৰি অপৰাজিত থাকে কিং কোহলি৷ উল্লেখ্য যে চলিত বিশ্বকাপত তিনিবাৰ শতৰানৰ দুৱাৰডলিৰ পৰা উভতি আহিবলগীয়া হৈছে কোহলি৷ বাংলাদেশৰ বিৰুদ্ধে এটা শতৰান কৰিলেও ক্রিকেটৰ অনুৰাগীৰ যেন মন ভৰা নাছিল৷ বহুতে প্রত্যাশা কৰিছিল চলিত বিশ্বকাপতে এদিনীয়া ক্রিকেটত শচীনৰ সর্বাধিক শতৰানৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ প্রতিষ্ঠা কৰিব প্রাক্তন অধিনায়কগৰাকীয়ে৷ সেই প্রত্যাশা কিমানদূৰ পূৰণ হ’ব, সেয়া এতিয়াই কোৱা কঠিন যদিও ইডেনত দক্ষিণ আফ্রিকাৰ বলাৰসকলক শাসন কৰিবলৈ গৈ কোহলিয়ে স্পর্শ কৰিলে শচীনক৷ এদিনীয়া ক্রিকেটত তেওঁৰ ৪৯সংখ্যক শতৰান পূর্ণ হোৱাৰ লগে লগে থিয় হৈ অভিনন্দন জনালে ইডেনৰ ৬৭ হাজাৰ দর্শক–অনুৰাগীয়ে৷ পুৱাই কোহলিৰ বাবে সজাই তোলা হৈছিল ইডেন গার্ডেন ৷ তেওঁৰ জন্মদিনৰ বাবেই ইডেনৰ দর্শকসকলক কোহলিৰ মুখা পিন্ধিবলৈ দিয়াৰ পৰিকল্পনা কৰিছিল বংগ ক্রিকেট সন্থাৰ কর্মকর্তাসকলে৷ কিন্তু আইচিচিৰ অনুমোদন নোপোৱাত কোহলিৰ জন্মদিন পালনৰ পৰিকল্পনা বাতিল কৰা হয়৷ অৱশেষত নিজৰ জন্মদিন পালনৰ ব্যৱস্থা নিজেই কৰি ল’লে বিৰাটে৷ পুৱাই অনুষ্কা শর্মাই জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে ১২ বছৰ পূর্বৰ এটা অভিলেখৰ প্রসংগ উল্লেখ কৰিছিল৷ সন্ধিয়া ইডেনত কোহলিয়ে নিজেই পুনৰবাৰ প্রমাণ কৰি দিলে তেওঁৰ বেটিং দক্ষতা৷ আইচিচিৰ অনুমোদন অবিহনেই নিজৰ জন্মদিনত বিৰাট উপহাৰ দিলে তেওঁ৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে কোহলিয়ে কেৱল শতৰানেৰে অভিলেখ সৃষ্টি কৰাই নহয়, এটি দায়িত্বশীল ইনিংছো খেলিলে৷ মেচৰ পৰিস্থিতি অনুসৰি কেতিয়াবা আগ্রাসী আৰু কেতিয়াবা ধৈর্যশীল বেটিং কৰা দেখা গ’ল তেওঁক৷ উইকেট বচাই দলৰ প্রয়োজন অনুসৰি আগুৱাই নিলে বিশ্ব অভিলেখ স্পর্শকাৰী তেওঁৰ শতৰানৰ ইনিংছ৷ উইকেটৰ অন্য প্রান্তত ইজনৰ পিছত সিজন সংগীক হেৰুৱায়ো নিজৰ লক্ষ্যত অবিচল আছিল কোহলি৷ ফলত শচীনৰ অভিলেখ স্পর্শকাৰী কোহলিৰ শতৰান উপভোগ কৰিলে বিশ্ববাসীয়ে৷ আৰম্ভ হ’ল নতুন বিশ্ব অভিলেখৰ প্রতীক্ষা৷ ব্যতিক্রমী কোহলিৰ বিৰাট উপহাৰৰ বাবে অপেক্ষাত থাকিব ক্রিকেটৰ ঈশ্বৰৰ পৰা সাধাৰণ ক্রিকেট অনুৰাগীলৈ৷ এতিয়া সকলোৰে প্রতীক্ষা কোহলিৰ ৫০সংখ্যক শতৰান৷

You might also like