বাৰ্তা বুৰো, ৮ নৱেম্বৰঃ আছুৰ প্ৰতিগৰাকী কৰ্মীয়ে নেতৃত্ব দিবলৈ সক্ষম আৰু পৰৱৰ্তী নেতৃত্ব কোন হব সেয়া আছুৰ সন্মানীয় প্ৰতিনিধিসকলে নিৰ্ণয় কৰিব। আছুৰ অধিবেশনৰ পূৰ্বে বহু খবৰ প্ৰকাশিত হয় থাকে কিন্তু প্ৰতিনিধি সভাতহে প্ৰকৃততে আলোচনা হব এই সকলোবোৰ বিষয়। অহা ২১ নৱেম্বৰৰ পৰা মৰিগাঁও সদৰত অনুষ্ঠিত হবলগীয়া আছুৰ অষ্টাদশ মৰিগাঁও অধিবেশনৰ প্ৰস্তুতিৰ বুজ লবলৈ মৰিগাঁৱত উপস্থিত হোৱা আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই এই মন্তব্য কৰে। আজি আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ লগতে উপদেষ্টা প্ৰকাশ দাস প্ৰমুখ্যে কেইবাগৰাকী কেন্দ্ৰিয় নেতাই মৰিগাঁৱত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থাৰ বুজ লৈ। এই পৰিদৰ্শন কালত আছুৰ ভাৰপ্ৰাপ্ত সভাপতি তথা আদৰণি সমিতিৰ সম্পাদক উৎপল শৰ্মা, আদৰণী সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰ, কায্যকৰী সভাপতি অতনু কুমাৰ শৰ্মা, মৰিগাঁও জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ, সম্পাদক ৰূপ জ্যোতি মেধী , প্ৰচাৰ সমিতিৰ সভাপতি তথা জেষ্ঠ সাংবাদিক ঋতুমণি মহন্ত, বিশিষ্ট সাংবাদিক অজিত কুমাৰ শৰ্মা উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল দাস